ETV Bharat / state

ডিব্ৰুগড়ত নাতিয়েকক ধৰ্ষণৰ অপচেষ্টা এজন বৃদ্ধৰ - Rape case at Dibrugarh

নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ ৷ অভিযোগ অনুসৰি, ডিব্ৰুগড়ত আফজল আনচাৰী নামৰ লম্পটজনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায় ।

ডিব্ৰুগড়ত নাতিয়েকক ধৰ্ষণৰ অপচেষ্টা এজন বৃদ্ধৰ

author img

By

Published : Apr 26, 2021, 4:51 PM IST

ডিব্ৰুগড়,26 এপ্ৰিল: যোৱাটো মাহতে ডিব্ৰুগড়ত সংঘটিত হৈছিল এক জঘণ্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছিল এগৰাকী লম্পটৰ বিৰুদ্ধে । ডিব্ৰুগড়ৰ চাউলখোৱাৰ ঘৰবন্দী চুকৰ জৰুৱা গাঁৱৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । অভিযোগ অনুসৰি, অঞ্চলটোৰ আফজল আনচাৰী নামৰ লম্পটজনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল ।

ডিব্ৰুগড়ত নাতিয়েকক ধৰ্ষণৰ অপচেষ্টা এজন বৃদ্ধৰ

১৩ মাৰ্চতে সংঘটিত হোৱা এই ঘটনাৰ পিছতে ২০ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল এই জঘণ্য ঘটনাৰ বলি হোৱা নাবালিকা গৰাকীৰ পিতৃ-মাতৃয়ে । কিন্তু নাবালিকাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ পিছতো অভিযুক্তক আজিলৈকে গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীয়ে । সাংবাদিকে গাভৰুপথাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰখা বুলি কৈ দায়িত্ব সামৰিলে আৰক্ষীয়ে । ইফালে এই অপকৰ্মত জড়িত লম্পটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক: পশ্চিমবংগৰ সপ্তম পৰ্যায়ৰ নিৰ্বাচন: আৰম্ভ হৈছে ভোটগ্ৰহণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.