ETV Bharat / state

প্ৰতিষেধক গ্ৰহণ নকৰাকৈ প্ৰমাণপত্ৰ লাভক লৈ নাহৰকটীয়াত উত্তেজনা

author img

By

Published : Jun 27, 2021, 4:44 PM IST

ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে আপুনি অনলাইন ৰেজিষ্ট্ৰেচন কৰে নেকি ? তেন্তে আপুনি সাৱধান হওঁক ৷ কাৰণ প্ৰতিষেধক গ্ৰহণ নকৰাকৈয়ে আপুনি লাভ কৰিব পাৰে প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ । নাহৰকটীয়াত সংঘটিত হৈছে এনে এক আচৰিত ঘটনা ।

Covid certificate
ক'ভিড প্ৰতিষেধক গ্ৰহণ নকৰাকৈ প্ৰমাণপত্ৰ লাভ কৰাকলৈ নাহৰকটীয়াত উত্তেজনা

নাহৰকটীয়া,২৭ জুন : ৰাজ্যৰ চাৰিওফালে এতিয়া চলি আছে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ নাহৰকটীয়াত এক আজৱ ঘটনা সংঘটিত হৈছে । ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ নকৰাকৈয়ে এগৰাকী ব্যক্তিয়ে লাভ কৰিছে প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ (Vaccine certificate) । এই ঘটনাৰ পিছতে এতিয়া শংকিত ব্যক্তিগৰাকী ।

উল্লেখ্য যে, ব্যক্তিগৰাকী হৈছে নাহৰকীয়াৰ আমোলাপট্টি নিবাসী দীপক গগৈ । ২২ এপ্ৰিলত দীপক গগৈয়ে নাহৰকটীয়াৰ নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত(Naharani PHC) লৈছিল ক’ভেক্সিনৰ (COVAXIN) প্ৰথম পালি প্ৰতিষেধক । কিন্তু আচৰিত কথাটো হ'ল COVAXIN ৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ নকৰাকৈয়ে দ্বিতীয় পালি গ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰে ব্যক্তিজনে ।

এই প্ৰমাণ পত্ৰ লাভ কৰি আচৰিত হৈ পৰে দীপক গগৈ । উল্লেখ্য যে দীপক গগৈয়ে তেওঁৰ ম'বাইল নম্বৰ আৰু পানকাৰ্ডৰ জৰিয়তে ২২ এপ্ৰিলত প্ৰথম পালি টীকা গ্ৰহণ কৰিছিল আৰু COWIN নামৰ এপত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিছিল শনিবাৰে । কিন্তু এই প্ৰমাণ পত্ৰ লাভ কৰি তেওঁ হতভম্ব হৈ পৰে ।

এই প্ৰমাণ পত্ৰত দেখুওৱা হৈছে যে ব্যক্তিজনে ১০ জুনৰ দিনা ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ য'ত ম'বাইল নম্বৰ আৰু পানকাৰ্ড নম্বৰ আদি সন্নিবিষ্ট হৈ আছে । লগে লগে এই প্ৰমাণ পত্ৰ খন লৈ সাংবাদিকৰ দল এটাৰ সৈতে ব্যক্তিজনে নাহৰকটীয়া নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ সবিশেষ জানিব বিচৰাত চিকিৎসালয়খনৰ মহকুমা চিকিৎসা বিষয়া ডাঃ অনিল দেউৰীয়ে ওলোটাই ব্যক্তিজনৰ লগতে সাংবাদিকৰ দলটোৰ ওপৰত ক্ষোভিত হৈ পৰে । বিষয়টো তেওঁ জানিবলৈ চেষ্টা নকৰি তেখেতৰ কাৰ্যালয়ত প্ৰৱেশ কৰাতো বাধা প্ৰদান কৰি সাংবাদিকৰ দলটোক বেয়া ব্যৱহাৰ কৰে ।

এই বিষয়ে তেওঁ একো নাজানো বুলি ব্যক্তিজনৰ আগত প্ৰকাশ কৰে বিষয়াগৰাকীয়ে । নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এনে আজৱ ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ নাহৰকটীয়াত । ব্যক্তিজনে ইতিমধ্যে তেওঁৰ নামত প্ৰতিষেধটো অন্য লোকক চিকিৎসালয় কৰ্তৃপক্ষই প্ৰদান কৰাৰ অভিযোগ তুলিছে । ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ নকৰাকৈ এজন ব্যক্তিয়ে কিদৰে প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণ পত্ৰ লাভ কৰিলে তাক লৈয়ো সৃষ্টি হৈছে এতিয়া বিভিন্ন প্ৰশ্নৰ ।

লগতে পঢ়ক: কৰ'ণাত অনাথ হোৱা দুই শিশুৰ কাষত ৰামকৃষ্ণ ঘোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.