ETV Bharat / state

Teenage girl Torture : পিঠিৰ বিষত কাম কৰিব নোৱাৰা বাবেই বনকৰা কিশোৰীক ঢালিলে উতলা পানী - Teenage girl Torture

জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাৰ্য ৷ মৰাণত বনকৰা কিশোৰীৰ শৰীৰত পানী ঢালি নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে (Teenage Girl brutally tortured by owner)৷

Minor Girl brutally tortured by owner
গৰম পানী ঢালি বন কৰা কিশোৰীক নিৰ্যাতন
author img

By

Published : Jul 31, 2022, 1:18 PM IST

মৰাণ, 31 জুলাই : হায় মানৱতা ! চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ শান্তিপুৰত কিশোৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে । মৰাণ শান্তিপুৰৰ নিবাসী নিৰূপম দাস নামৰ লোকজনৰ ঘৰত বনকৰা হিচাপে থকা এগৰাকী 15 বছৰীয়া কিশোৰীক দাসৰ পত্নী পিংকী শইকীয়াই পিঠিত গৰম পানী ঢলাৰ লগতে শাৰীৰিক ভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে (Minor Girl brutally tortured by owner)৷

কিশোৰীগৰাকীয়ে কোৱা অনুসৰি যোৱা শনিবাৰে কাম কৰি থকাৰ সময়তে পিছফালৰ পৰা গৰম পানী ঢালি দিয়ে পিংকী শইকীয়াই (Owner tortured housemaid) ৷ কিশোৰীগৰাকী যোৱাৰ প্ৰায় দুমাহৰ পৰাই পিংকীয়ে মাৰধৰ কৰিছিল ৷ কিন্তু এই কথা বাহিৰত অন্য লোকৰ আগত নকবলৈ ধমকি দিছিল কিশোৰগৰাকীক৷ এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰ দিনা পিংকীয়ে কিশোৰীগৰাকীক মাৰ ধৰ কৰাৰ বাবে পিঠিৰ বিষত কাম কৰিব পৰা নাছিল কিশোৰীগৰাকীয়ে ৷

গৰম পানী ঢালি বন কৰা কিশোৰীক নিৰ্যাতন

তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি পিংকীয়ে গৰম পানী ঢালি দিয়ে কিশোৰীগৰাকীৰ শৰীৰত ৷ এই ঘটনাৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে 28 জুলাই তাৰিখে মৰাণহাট থানাত নিৰুপম দাস আৰু পিংকী শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ কিশোৰীগৰাকীৰ শৰীৰত স্পষ্টকৈ আঘাতৰ চিন পৰিলক্ষিত হৈছিল ৷

আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত নিৰূপম দাস আৰু পিংকী শইকীয়াক গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত নিৰূপম দাস সোনাৰী টি বৰ্ডৰ বিষয়া আৰু পত্নী পিংকী শইকীয়া ডিমৌ কৃষি বিভাগৰ বিষয়া ৷ উল্লেখ্য যে, কিশোৰী গৰাকীৰ গাত গৰমপানী ঢলাৰ লগতে ডিঙি চেপি হত্যা কৰাৰ চেষ্টা, বেলনা মাৰিৰে অত্যাচাৰ চলোৱা, ৰ'ডেৰে মৰাৰ অভিযোগ দাখিল কৰিছিল কিশোৰী গৰাকীয়ে ৷

লগতে পঢ়ক: Drug seized in Lakhimpur: লখিমপুৰত ড্ৰাগছসহ মহিলা গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.