টিংখাং, 8 এপ্ৰিল: সমাপন হ’ল টিংখাঙৰ নাহৰপৰা বৰবিলত চাহ জনগোষ্ঠীৰ নৃত্য, গীতৰ প্ৰশিক্ষণ শিবিৰৰ । টিংখাঙৰ অসম কুৰ্মী সমাজ ৰাজ্যিক সমিতি, ডিব্ৰুগড় কুৰ্মী সমাজৰ সহযোগত আৰু টিংখাং আঞ্চলিক কুৰ্মী সমাজ, টিংখাং আঞ্চলিক মহিলা সমাজ আৰু টিংখাং আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ সহযোগত টিংখাঙৰ নাহৰপৰা বৰবিলত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ঝুমুৰ নৃত্য, চাহ জনগোষ্ঠীয় গীত আৰু জনগোষ্ঠীটোৰ লোক বাদ্যৰ প্ৰশিক্ষণ শিবিৰৰ ।
![Tea_Dance_Training_Completed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tingkhong-tea-dance-training-completed-801-to-802-dipok-gogoi-asc10071_08042021211511_0804f_1617896711_710.jpg)
উল্লেখযোগ্য যে, অঞ্চলটোৰ বহু সংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰটোত অনাতাঁৰ শিল্পী বাবা কুৰ্মীয়েও প্ৰদান কৰে প্ৰশিক্ষণ । প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদানেৰে উৎসাহিত কৰি শিবিৰৰ সামৰণি মৰা হয় ।