ETV Bharat / state

টাইপাৰ পঞ্চ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন লাইখুঁটা স্থাপন

অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন । এই উপলক্ষে তিলৈ নগৰ গ্ৰাম্য বজাৰ অধিৱেশনস্থলীত টাই আহোম জনগোষ্ঠীৰ ৰীতি-নীতিৰে দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ।

author img

By

Published : Nov 30, 2020, 7:50 AM IST

tai  ahom youba parichad assam
তিনিদিনীয়া কাৰ্যসূচীৰে টাইপাৰ পঞ্চ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

মৰাণ, 30 নৱেম্বৰঃ টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ও ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । এই উপলক্ষে তিলৈ নগৰ গ্ৰাম্য বজাৰ অধিৱেশনস্থলীত টাই আহোম জনগোষ্ঠীৰ ৰীতি-নীতিৰে দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ।

লাইখুঁটা স্থাপন অনুষ্ঠানত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰীৰ লগতে টাইপাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷ সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্য প্ৰয়াত তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে উপস্থিত ৰাইজে । টাইপাৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ লগতে বহুকেইজন মন্ত্ৰী, সাংসদ, বিধায়ক উপস্থিত থাকিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

লগতে পঢ়কঃপৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত জয়সাগৰ দলনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.