ETV Bharat / state

Goa national Championship:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল নামৰূপৰ ৮ গৰাকী খেলুৱৈ

author img

By

Published : Dec 5, 2021, 4:46 PM IST

গোৱাত অনুষ্ঠিত হোৱা টাইকোৱাণ্ডো প্ৰতিযোগিতাত নামৰূপৰ ৮ গৰাকী খেলুৱৈয়ে লাভ কৰিলে পদক (Assam taekwondo player won medal at Goa) । অসমৰ হৈ ৬ টা স্বৰ্ণ, ১ টাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ল খেলুৱৈকেইগৰাকী ।

Goa national Championship
নামৰূপৰ ৮ গৰাকী খেলুৱৈৰ সুনাম অৰ্জন

মৰাণ,৫ ডিচেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসমৰ খেলুৱৈ । গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ নামৰূপৰ ৮ গৰাকীকৈ খেলুৱৈয়ে । খেলুৱৈ কেইগৰাকীয়ে ৬ টা সোণৰ পদক আৰু এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে (Assam taekwondo player won medal at Goa) ।

উল্লেখ্য যে, ২৯ নৱেম্বৰৰ পৰা য়ুথ এণ্ড স্পৰ্টছ ডেভেলপমেন্ট এছ'চিয়েশ্যনে গোৱাত অনুষ্ঠিত কৰিছিল 'নেশ্যনেল চেম্পিয়নশ্বিপ-২০২১' (National Championship 2021)। এই প্ৰতিযোগিতাত প্ৰশিক্ষক বিজু চলিহাৰ তত্বাৱধানত নামৰূপ টাইকোৱাণ্ডো একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা নামৰূপৰ ৮ গৰাকী খেলুৱৈয়ে অসমৰ হৈ অংশ গ্ৰহণ কৰিছিল । প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত আনিছা নেইৰাহ,আলিচিয়া গগৈ আৰু হিৰকজ্যোতি বৰুৱাই স্বৰ্ণ পদক লাভ কৰে । লগতে জুনিয়ৰ শাখাত আব্দুৰ ৰাজ্জাক আলিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ।

আনহাতে, ছিনিয়ৰ শাখাত প্ৰিয়ংকা ৰাভা, বিনা বসুমতাৰী,গনেশ পণ্ডিতে স্বৰ্ণ আৰু ৰাহুল কোঁচে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় । খেলুৱৈ কেইগৰাকীৰ এই সফলতাত আনন্দিত অভিভাৱক আৰু নামৰূপ টাইকোৱাণ্ডো একাডেমীৰ বিষয়ববীয়াসকল । ইফালে খেলুৱৈ কেইগৰাকীৰ এই সফলতাক লৈ গৌৰৱান্বিত স্থানীয় লোকসকল ।

লগতে পঢ়ক :Goa National Kickboxing Championship: ডিব্ৰুগড়ৰ খেলুৱৈৰ সুনাম অৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.