ETV Bharat / state

Assam Ranji Team : অসমৰ ক্ৰিকেটৰ উদ্ভাসিত প্ৰতিভা টিংখাঙৰ সুনীল

author img

By

Published : Dec 16, 2022, 8:06 PM IST

Updated : Dec 16, 2022, 8:39 PM IST

অসমৰ ক্ৰীড়া জগতত জুয়ে পোৰা সোণ হৈ উজলিছে টিংখাঙৰ সুনীল । পদপথৰ কাষৰ উৰুখা পঁজাৰ পৰা আকাশ চোৱাৰ সপোন । অসম ৰঞ্জী ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান ক্ৰিকেটাৰ সুনীল লাচিতে (Sunil Lachit from Tingkhang in Ranji team) ।

17226967
অসমৰ ক্ৰিকেটৰ উদ্ভাসিত প্ৰতিভা টিংখাঙৰ সুনীল

মৰাণ, ১৬ ডিচেম্বৰ : বাঁহ আৰু টিনৰ চালিৰ এটা সৰু ঘৰ । মৰাণ-নাহৰকটীয়া ৰাজ্যিক ঘাইপথৰ কাষৰ পদপথত অৱস্থিত এই জুপুৰী সদৃশ ঘৰটোৱে আজি লাভ কৰিছে বিশেষ গুৰুত্ব । টিংখাঙৰ ৰাজগড়ৰ পথৰ দাঁতিত অৱস্থিত এই ঘৰখনৰ পৰাই জুয়ে পোৰা সোণ হৈ উজলিবলৈ সক্ষম হৈছে এজন যুৱক ।

সৰুৰে পৰাই এজন ক্ৰিকেটাৰ হোৱাৰ সপোনৰ পম খেদি দাৰিদ্ৰতা আৰু অশেষ সংগ্ৰামৰ মাজেৰে আজি অসম ৰঞ্জী ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান ক্ৰিকেটাৰ সুনীল লাচিতে (Sunil Lachit from Tingkhang in Ranji team) । এজন বেগী বলাৰ হিচাপে ২০২২-২৩ বৰ্ষৰ অসম ৰঞ্জী ক্ৰিকেট দলত স্থান লাভ কৰা সুনীল লাচিতে ইতিমধ্যে যোৱা ১৪ ডিচেম্বৰত অসম ৰঞ্জী দলৰ হৈ সৌৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰথমখন খেলত অংশগ্ৰহণ কৰিছে (fast baller Sunil Lachit in Assam Ranji team) ।

সুনীল লাচিতৰ এই সাফল্যত এতিয়া স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে পৰিয়ালটিৰ লগতে টিংখাঙবাসী । আনহাতে, পুত্ৰৰ সাফল্যত গৌৰৱান্বিত মাতৃ ভোগেশ্বৰী লাচিত (Ranji Trophy Cricket) । সৰুতেই পিতৃক হেৰুওৱা সুনীল লাচিতে এই ঘৰখনতেই পাৰ কৰিছে শৈশৱ কৈশোৰ । মাতৃ ভোগেশ্বৰী লাচিতে জবকাৰ্ডৰ হাজিৰা কৰি, গাহৰি পুহি কিবাকৈ চলাই গৈছে ঘৰখন । তেনেদৰেই নিজৰ ক্ৰীড়া অনুশীলন আগবঢ়াই লৈ যোৱা পুত্ৰই সুযোগ পালে ঐতিহ্যমণ্ডিত ৰঞ্জী ট্ৰফীত খেলাৰ । কিন্তু দুখৰ কথা, সুনীল লাচিতৰ খেল চাবলৈ ঘৰখনত নাই এটা টিভিও । এতিয়া সকলোৰে আশা, সুনীল লাচিত হৈ পৰক ক্ৰীড়া জগতৰ জুয়ে পোৰা সোণ ।

উল্লেখ্য, ৰাজ্যত বহুতো ক্ৰীড়া প্ৰতিভা সুপ্ত অৱস্থাত আছে । তাৰে মাজৰে বহু প্ৰতিভাই আকৌ সময়ে সময়ে উজলি উঠিবলৈ সক্ষম হৈছে । কিন্তু উপযুক্ত পৰিৱেশৰ অভাৱত বহু ক্ৰীড়া প্ৰতিভাই এতিয়াও নিজকে প্ৰকাশ কৰাৰ সুবিধা লাভ কৰা নাই । পৰিয়ালৰ অভাৱ-অনাটন, উপযুক্ত ক্ৰীড়া আন্তঃগাঁথনিৰ অভাৱ তথা ৰাজ্যৰ ক্ৰীড়া বিভাগৰ কিছু ক্ষেত্ৰত মনোযোগিতাৰ অভাৱতো বহু ক্ৰীড়া প্ৰতিভা কলিতে মৰহি গৈছে বা লোকচক্ষুৰ আঁৰতে আছে ।

তেনেক্ষেত্ৰত সুনীল লাচিতৰ এই সফলতা নিশ্চয়কৈ এক আশাৰ বতৰা । বিশেষকৈ বৰ্তমান প্ৰজন্মই ক্ৰিকেটক এক গ্লেমাৰ হিচাবে গ্ৰহণ কৰিছে । ভাৰতত ক্ৰিকেটৰ এক বিশেষ মৰ্যাদা আছে । আনহাতে, ৰাষ্ট্ৰীয় ক্ৰিকেটত অসমৰ ক্ৰিকেটাৰৰ অংশগ্ৰহণ বাৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ পোৱা খেলুৱৈৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পাৰি । তেনেক্ষেত্ৰত সুনীল লাচিতৰ দৰে ক্ৰিকেট প্ৰতিভাই উপযুক্ত পৰিৱেশ আৰু প্ৰশিক্ষণ লাভ কৰিলে ভৱিষ্যতে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ সুবিধা লাভ কৰিব পাৰি বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক :RS MP Ranjan Gogoi:পুনৰ চৰ্চাত ৰঞ্জন গগৈ: ৰাজ্যসভাত তেনেই কম উপস্থিতিৰ হাৰ, সোধা নাই এটাও প্ৰশ্ন

Last Updated : Dec 16, 2022, 8:39 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.