ETV Bharat / state

ডিব্ৰুগড়ত প্ৰসূতি বিভাগৰ স্নানাগাৰত প্ৰসূতিৰ মৃতদেহ উদ্ধাৰ - অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগ

অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত অঘটন । চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ তৃতীয় মহলাৰ স্নানাগাৰত উদ্ধাৰ মৃতদেহ।

প্ৰসূতি বিভাগৰ স্নানাগাৰত প্ৰসূতিৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Aug 18, 2019, 10:27 AM IST

ডিব্ৰুগড়, 18 আগষ্টঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ তৃতীয় মহলাৰ স্নানাগাৰত এগৰাকী প্ৰসূতিৰ মৃতদেহ উদ্ধাৰ৷ চাৰিদিন পূৰ্বে প্ৰসূতি বিভাগত মহিলা গৰাকী ভৰ্তি হৈছিল আৰু দুদিনৰ পূৰ্বে এটা সন্তান জন্ম হৈছিল অনিমা ছবৰ নামৰ মহিলা গৰাকীৰ৷ মহিলাগৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ পানীতোলাৰ খাৰজান চাহ বাগিচাত । দিলীপ পাটনায়কৰ পত্নী অনিমা ছবৰে এটা পুত্ৰ সন্তান জন্ম দিয়াৰ দুদিনৰ পিছতে স্নানাগাৰত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰসূতি বিভাগৰ স্নানাগাৰত প্ৰসূতিৰ মৃতদেহ উদ্ধাৰ

ঘটনাস্থলীত আৰক্ষী আৰু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ উপস্থিত হৈ মহিলা গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিবলৈ দিছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব প্ৰকৃত ঘটনা । চিকিৎসালয়ৰ সূত্ৰ অনুসৰি মহিলা গৰাকী মানসিক ভাবে অত্যন্ত দুৰ্বল । যাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিলে তেওঁ । কিন্তু চিকিৎসা মহাবিদ্যালয়ত সন্তান জন্ম দিয়াৰ দুদিন পিছতে প্ৰসূতি এগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত কিয় বাছি ল'লে সেইয়া সহজে মানি ল'ব খোজ নাই মহিলা গৰাকীৰ আত্মীয়ই । উল্লেখ্য যে ইয়াৰ পূৰ্বে এগৰাকী মহিলাই প্ৰসূতি বিভাগতে সন্তান জন্ম দিয়াৰ চাৰি দিনৰ পিছত বিভাগৰ ওপৰৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল । চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰসূতি বিভাগতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

Intro:
*অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগত অঘটন।প্ৰসূতি বিভাগৰ স্নানাগাৰত উলাল এগৰাকী মহিলাৰ মৃতদেহ।তীব্ৰ চাঞ্চল্য।চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ তৃতীয় মহলাৰ স্নাগাৰত উদ্ধাৰ মৃতদেহটো। চাৰিদিন পূৰ্বে প্ৰসূতি বিভাগত ভৰ্তি হোৱা মহিলা গৰাকীৰ দুদিনৰ পূৰ্বে এটা সন্তান জন্ম হৈছিল।অনিমা ছবৰ নামৰ মহিলা গৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ পানীতোলাৰ খাৰজান চাহ বাগিচাত।দিলীপ পাটনায়কৰ পত্নী অনিমা ছবৰে এটা পুত্ৰ সন্তান জন্ম দিয়াৰ দুদিনৰ পিছতে বাৰ্ডৰোমত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাস্হলীত আৰক্ষী আৰু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ উপস্থিত হৈ এইয়া মহিলা গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিবলৈ দিছে যদিও আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব। চিকিৎসালয় সূত্ৰ অনুসৰি মহিলা গৰাকী মানসিক ভাবে অত্যন্ত দুৰ্বল।যাৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিলে।কিন্তু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা তথা সন্তান জন্ম দিয়াৰ দুদিন পিছতে প্ৰসূতি এগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত কিয় বাছি ল'লে সেইয়া সহজে মানি ল'ব খোজ নাই মহিলা গৰাকীৰ আত্মীয়ই।উল্লেখ্য যে ইয়াৰ পূৰ্বে এগৰাকী মহিলাই প্ৰসূতি বিভাগতে সন্তান জন্ম দিয়াৰ চাৰি দিনৰ পিছত বিভাগৰ ওপৰৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰসূতি বিভাগতেই পুনৰ অনুৰূপ ঘটনা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সৃষ্টি কৰিছে ৰহস্যৰো।।*

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.