ETV Bharat / state

টিংখাঙৰ নয়নমণিয়ে মাহিলী কেনেকৈ পায় অৰ্ধ লক্ষাধিক টকা ?

author img

By

Published : Jul 5, 2021, 2:08 PM IST

Updated : Jul 5, 2021, 7:08 PM IST

কুকুৰাৰ কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে টিংখাঙৰ এগৰাকী উদ্যমী মহিলাই । দৈনন্দিন ঘৰুৱা কাম-কাজৰ মাজতে সীমাৱদ্ধ নাথাকি টিংখাঙৰ এগৰাকী উদ্যমী মহিলাই উন্নত প্ৰজাতিৰ কুকুৰা পালন কৰি কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে ।

Enthusiastic woman
নয়নমনিয়ে মাহিলী কেনেকৈ পায় অৰ্ধ লক্ষাধিক টকা ?

টিংখাং/মৰাণ, 5 জুলাই : বৰ্তমান সময়ত বিভিন্ন ধৰণৰ কাম কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বহু লোক আছে ৷ কোনোবাই যদি কুকুৰাৰ ফাৰ্ম খুলি নিজৰ জীৱিকাৰ পথ বাছি লৈছে, কেনেবাই আকৌ নাৰ্ছাৰী স্থাপনেৰে দেখুৱাইছে উপাৰ্জনৰ পথ ৷ টিংখাঙৰ এগৰাকী মহিলাৰ নৱতম প্ৰচেষ্টা ৷ শেহতীয়াকৈ কুকুৰাৰ কণী উৎপাদন কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে টিংখাঙৰ এগৰাকী উদ্যমী মহিলাই ৷

মহিলাগৰাকীৰ নাম নয়নমণি শইকীয়া সোনোৱাল ৷ দৈনন্দিন ঘৰুৱা কাম-কাজৰ মাজতে সীমাৱদ্ধ নাথাকি উদ্যমী মহিলাগৰাকীয়ে উন্নত প্ৰজাতিৰ কুকুৰা পালন কৰি কণী উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে । ক’ৰণা মহামাৰীৰ বিভীষিকাৰ বাবে বিগত বৰ্ষত বহিঃৰাজ্যত কৰ্মৰত স্বামী উপাৰ্জনহীন হৈ ঘৰলৈ ঘূৰি অহাৰ পাছত গভীৰ অৰ্থনৈতিক অনিশ্চয়তাত ভূগিবলগা হৈছিল নয়নমণিৰ পৰিয়ালটো ।

টিংখাঙৰ নয়নমণিয়ে মাহিলী কেনেকৈ পায় অৰ্ধ লক্ষাধিক টকা ?

পিচে তেনে সময়তে নয়নমণিয়ে নিজ ঘৰতে বিজ্ঞানসন্মতভাৱে আৰম্ভ কৰিলে উন্নত প্ৰজাতিৰ কুকুৰা ফাৰ্ম । এহাজাৰ কুকুৰাৰে ফাৰ্ম আৰম্ভ কৰি বৰ্তমান কণী উৎপাদন আৰু বিক্ৰীৰ জৰিয়তে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই ৷ ফাৰ্মখনৰ পৰা বৰ্তমান দৈনিক গড়ে প্ৰায় 730 টাকৈ কণী উৎপাদন কৰিবলৈ সক্ষম হৈছে নয়নমণি সোণোৱালে ।

উৎপাদিত কণীসমূহ খুচুৰা ব্যৱসায়ীক পাইকাৰী হাৰত বিক্ৰী কৰি মাহে প্ৰায় 52 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ঘৰুৱা কামৰ লগতে স্বামীৰ সৈতে নিজে ফাৰ্মখনৰ কুকুৰা প্ৰতিপালনৰ লগতে সকলো দিশ তদাৰক কৰে নয়নমণিয়ে ৷ ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে যিসময়ত বহু লোকে কৰ্ম-সংস্থাপনৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে সময়তে নয়নমণি সোণোৱালে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈ একাংশ মহিলাই আন্দোলনত যোগ দিয়াৰ সময়তে এইগৰাকী আত্মসহায়ক গোটৰ সদস্যাই ঋণ লৈ কুকুৰা কণী উৎপাদনৰ ফাৰ্ম খুলি এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: আহোম ঐতিহ্য বহনকাৰী মাজুলীৰ এখন বিশেষ বিচনী

Last Updated : Jul 5, 2021, 7:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.