ETV Bharat / state

টিংখাঙত ছাত্ৰী নিৰুদ্দেশ - tingkhong student missing

টিংখাঙত শুকুৰবাৰৰ পৰা নিৰুদ্দেশ দশম শ্ৰেণীৰ ছাত্ৰী । মাতৃলৈ অশ্লিল ভিডিঅ' প্ৰেৰণ অচিনাক্ত নম্বৰৰ পৰা । ঘটনা সম্পৰ্কে গোচৰ ৰুজু টিংখাং থানাত ৷

টিংখাং
টিংখাঙত ছাত্ৰী নিৰুদ্দেশ
author img

By

Published : Feb 8, 2020, 7:28 PM IST

টিংখাং, 8 ফেব্ৰুৱাৰীঃ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ টিংখাঙত । টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং শালমাৰী হাতীগড় অঞ্চলৰ জনৈক গগৈ নামৰ উপাধিৰ ব্যক্তিগৰাকীৰ কন্যা তথা শলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী শুকুবাৰৰে পুৱা ভাগৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ বিদ্যালয়লৈ বুলি শুকুৰবাৰে পুৱা ওলাই যোৱা ছাত্ৰীগৰাকী বৰ্তমান পৰ্যন্ত ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে টিংখাং থানাত এজাহাৰ দাখিল কৰে ।

টিংখাঙত ছাত্ৰী নিৰুদ্দেশ

আনহাতে, ছাত্ৰী গৰাকী নিৰুদ্দেশৰ পাচতে শুকুৰবাৰে সন্ধিয়া এটা অচিনাক্ত ফোন নম্বৰৰ পৰা ছাত্ৰী গৰাকীৰ মাতৃলৈ ছাত্ৰী গৰাকীৰ লগত এজন যুৱকৰ এটা অশ্লীল ভিডিঅ' হোৱাটচ এপ যোগে প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে । ইতিমধ্যে, ছাত্ৰী গৰাকীৰ পৰিয়ালে টিংখাং থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে টিংখাং থানাৰ 38/20 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইন 366 (A) অধীনত তদন্ত অব্যাহত ৰাখিছে যদিও সন্ধানহীন ছাত্ৰী গৰাকীৰ কোনো সন্ধান লাভ কৰা নাই । ইফালে ছাত্ৰী গৰাকীৰ অশ্লীল ভিডিঅ' প্ৰেৰণ কৰা ঘটনাই এই কাণ্ডত দুষ্ট চক্ৰ জড়িত থকাটো নিশ্চিত বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

আৰু পঢ়কঃ নাহৰকটীয়াত টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ পালন

Intro:টিংখাঙত দশম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ । মাতৃলৈ অশ্লিল ভিডিঅ প্ৰেৰণ ।

Body:টিংখাং - এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ টিংখাঙত । টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং শালমাৰী হাতীগড় অঞ্চলৰ গুপ্ত গগৈ আৰু মণিকা গগৈৰ কন্যা তথা শলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী নিহাৰিকা গগৈ শুক্ৰবাৰে পুৱা বিদ্যালয়লৈ আহি আজি পৰ্যন্ত ছাত্ৰী গৰাকী ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ লোকে টিংখাং থানাত এজাহাৰ দাখিল কৰিছে । লক্ষ্যণীয় ভাৱে ছাত্ৰী গৰাকী নিৰুদ্দেশৰ পিছতে কালি সন্ধিয়া এটা অচিনাক্ত ফোন নম্বৰৰ পৰা ছাত্ৰী গৰাকীৰ মাতৃলৈ ছাত্ৰী গৰাকীৰ লগত এজন যুৱকৰ এটা অশ্লীল ভিডিঅ ৱাটচেপ যোগে প্ৰেৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । ইতিমধ্যে ছাত্ৰী গৰাকীৰ পৰিয়ালে টিংখাং থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষে টিংখাং থানাৰ 38/20 নম্বৰত এটা গোচৰ পঞ্জিয়ন কৰি ভাৰতীয় দণ্ড বিধি আইন 366 (A) অধিনত তদন্ত অব্যাহত ৰাখিছে যদিও সন্ধানহীন ছাত্ৰী গৰাকীৰ কোনো সন্ধান লাভ কৰা নাই । ইফালে ছাত্ৰী গৰাকীৰ অশ্লীল ভিডিঅ প্ৰেৰণ কৰা ঘটনাই এই কাণ্ডত এটা দুষ্ট চক্ৰ জড়িত থকাটো নিশ্চিত হৈ পৰিছে

- Byte - 1. মাতৃ,
- Byte - 2. স্থানীয় মহিলা ।

টিংখাঙৰ পৰা দীপক গগৈConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.