মৰাণ, 9 আগষ্ট : ‘‘বহিঃৰাজ্যৰ চাহে অসমত বজাৰ দখল কৰা বাবেই ৰাজ্যত কেঁচা চাহপাত (Tea)ৰ দাম কমিবলৈ ধৰিছে ৷ চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা ভাবিব লাগিব’’ ৷ অসমৰ চাহ উদ্যোগ (Assam Tea Industry) সন্দৰ্ভত দেওবাৰে এইদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে মৰাণৰ তিলৈজান চাহ বাগিচাৰ পৰিচালক বিশ্বজিৎ গগৈ (Biswajit Gogoi)য়ে ৷ যি সময়ত ৰাজ্যৰ চাহে বিশ্বৰ বজাৰত সবাতোকৈ প্ৰাধান্য লাভ কৰি আছে, সেই সময়তে কিন্তু চাহ খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । এফালে ক’ভিড (Covid) পৰিস্থিতিৰ মাজতে ৰাজ্যৰ সৰ্বসাধাৰণৰ জীৱন-জীৱিকাই নিঃশেষ ৰূপ ধাৰণ কৰাৰ দিশে গতি কৰিছে, আকৌ আনফালে হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈও নামি আহিছে দুৰ্যোগ ।
লগতে পঢ়ক : অসমৰ স্বাৰ্থত একেলগে কাম কৰিব কংগ্ৰেছ-ৰাইজৰ দলে
বহু কষ্ট কৰি উৎপাদন কৰা খেতিয়কৰ কেঁচা চাহপাতৰ এতিয়া একেবাৰে মূল্য নাই । খেতিয়কসকলে উচিত মূল্য নাপাই পেলাই দিবলগীয়া অৱস্থা হৈছে কেঁচাপাত । ইফালে প্ৰতিবাদ অব্যাহত ৰাখিও চৰকাৰ পৰা কোনো ধৰণৰ সহানুভূতি লাভ কৰা নাই ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Traders)সকলে । ৰাজ্য চৰকাৰে বহিঃৰাজ্য়ৰ পৰা চাহ আনি অসমত ব্যৱসায় কৰাৰ বাবেই অসমৰ উৎপাদিত চাহৰ বজাৰ নোহোৱা হ’ল ৷ যাৰ ফলস্বৰূপে অসমত কেঁচা চাহপাতৰ দাম হ্ৰাস পাবলৈ ধৰিছে বুলি মন্তব্য কৰে পৰিচালকগৰাকীয়ে ৷
লগতে পঢ়ক : চৰকাৰে ভাবিবনে ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা ?
লগতে তেওঁ সদৰী কৰে যে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাতৰ মূল্য দিব নোৱাৰাৰ কাৰণ চাহ ফেক্টৰী (Tea Factory) বুলি অভিযোগ তোলা হয় যদিও প্ৰকৃত কাৰণ সেয়া নহয় । চৰকাৰে বাহিৰৰ পৰা চাহ আমদানি কৰা বন্ধ কৰিলেহে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰক্ষা পৰিব । এইক্ষেত্ৰত ৰাজ্য চৰকাৰে ল’ব লাগিব বিশেষ ভূমিকা ।
লগতে পঢ়ক : চাবুৱাত কেঁচা চাহপাতৰ বাহন প্ৰৱেশত বাধা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ