ETV Bharat / state

চাবুৱাত কেঁচা চাহপাতৰ বাহন প্ৰৱেশত বাধা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

author img

By

Published : Aug 8, 2021, 10:05 PM IST

ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাতক উচিত মূল্য প্ৰদান কৰাৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে ৷ ইয়াৰ মাজতে শনিবাৰে সৰবৰাহ হোৱা কেঁচা পাতৰ বাহনসমূহ চাবুৱাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

small-tea-growers-protest-at-chabua
চাবুৱাত কেঁচা চাহপাতৰ বাহন প্ৰৱেশত বাধা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

মৰাণ, 8 আগষ্ট : ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ সৰ্বসাধাৰণৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰাৰ সমান্তৰালকৈ হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈ নামি আহিছে ব্যাপক দুৰ্যোগ ৷ সমগ্ৰ অসমতে উৎপাদিত কেঁচা চাহপাতৰ মূল্যক লৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে চাবুৱাত তিনিচুকীয়া জিলাৰ পৰা সৰবৰাহ হোৱা পাতৰ বাহনসমূহ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

উল্লেখ্য যে, ইতিমধ্যেই টি ব’ৰ্ডৰ সৈতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই কেইবালানিয়ো আলোচনাত মিলিত হৈছে ৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হোৱাৰ পিছতে চুবুৰীয়া জিলাৰ নিম্নমানৰ কেঁচা পাতে স্থানীয় খেতিয়কৰ পাতৰ মানদণ্ডত আঘাত কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে চুবুৰীয়া জিলাৰ বাহন প্ৰৱেশত বাধা প্ৰদান কৰা হয় বুলি সন্থাই জানিবলৈ দিছে ৷

লগতে পঢ়কঃ বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !

কেতবোৰ নীতি নিয়মৰ ভিত্তিতহে এজেণ্ট সমূহে কেঁচাপাত সৰবৰাহ কৰিব পাৰে বুলি মন্তব্য কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই । এজন খেতিয়কৰ কেঁচা চাহপাত 30 কিলোমিটাৰ দূৰত্বৰ কাৰখানাতহে প্ৰদান কৰিব পাৰিব বুলি নিয়ম বন্ধা আছে বুলি জনাইছে সন্থাই ।

নিৰ্ধাৰিত নিয়ম মতে, সৰবৰাহৰ ক্ষেত্ৰত আপত্তিবিহীন প্ৰমাণ পত্ৰ থাকিলেহে তেওঁ ডিব্ৰুগড় জিলালৈ কেঁচাপাত সৰবৰাহ কৰিব পাৰে ৷ কিন্তু শনিবাৰে চাবুৱাত সন্থাই পথত বাধা দিয়া বাহনসমূহৰ কোনো অপত্তিবিহীন প্ৰমাণ পত্ৰ নাছিল ৷ আনহাতে, দেখা গৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ অনুৰোধক একাংশ চাহ ফেক্টৰী সমূহে ৰক্ষা নকৰি চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু তিনিচুকীয়া জিলাৰ পৰা নিম্নমানৰ কেঁচা পাত সংগ্ৰহ কৰিছে ৷

লগতে চাবুৱাৰ স্থানীয় খেতিয়ক সকলৰ কেঁচাপাত নিম্ন মানৰ বুলি উচিত মূল্য দিয়াত ষড়যন্ত্ৰমূলক কাৰ্য সংঘটিত কৰা অভিযোগ উত্থাপিত হৈছে ৷ এই সমগ্ৰ ঘটনাৰ পাকচক্ৰত পৰি চাহ খেতিয়ক সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ।

লগতে পঢ়কঃ লাভলীনা আহি আছে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.