ডিব্ৰুগড়, 24 আগষ্ট : ৰাজ্য চৰকাৰে প্ৰতিবছৰে ঘোষণা কৰে কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাৰ ৷ কিন্তু আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল কেঁচা চাহপাতৰ মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা ৷ ফলত কেঁচা চাহপাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদত নামিল সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ৷
ডিব্ৰুগড়ৰ চৌকিডিঙিত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিলে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৷ উৎপাদন ব্যয়তকৈ কম মূল্যত কেঁচা চাহপাত বিক্ৰী কৰিবলগীয়া হোৱাত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ কোনো কলঘৰে যাতে নিজৰ ইচ্ছা অনুসৰি কেঁচা পাতৰ কম মূল্য দিব নোৱাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই দাবী জনায় ৷
একেদৰে কেঁচা চাহপাতৰ উচিত দাম নিৰ্ধাৰণ কৰাৰ স্বাৰ্থত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপনৰ ব্যৱস্থা কৰা আদি দাবীসমূহ উত্থাপন কৰে ৷ লগতে অসমৰ ১৬ খন জিলাত কেন্দ্ৰীয় চৰকাৰে পাম অইল খেতি কৰিবলৈ লোৱাৰ বিৰোধিতাৰ লগতে চাহত কৃত্ৰিম ৰং মিহলাই চাহৰ গুণগত মানদণ্ড হ্ৰাস কৰিব বিচৰা একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে চাহ বৰ্ডৰ ভূমিকাকো কঠোৰ সমালোচনা কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷
উল্লেখ্য যে, উৎপাদন ব্যয়তকৈও কম মূল্যত বৰ্তমান খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলগা হোৱাত আর্থিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৷ অসমৰ উৎপাদিত মুঠ চাহৰ ত্ৰিশ শতাংশৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰাৰ লগতে জাতীয় আয়লৈ প্রভূত বৰঙণি আগবঢ়োৱাৰ পাছতো চৰকাৰখনে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতি অলপো সহমর্মিতা প্রকাশ নকৰা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্য ৷
বৃহস্পতিবাৰে ডিব্ৰুগড়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰুবুল হাতীবৰুৱা আৰু সাধাৰণ সম্পাদক বিৰিঞ্চি বৰাৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বাৰ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : Protest in Tinsukia: কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ দাবীত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ