ETV Bharat / state

ধন দাবীৰ অভিযোগত আটক জাতীয় সংগঠনৰ নেতা-সদস্য - ডামানিছ নাৰ্চিং হোম

জাতীয় সংগঠনৰ পৰিচয় দিয়া ডিব্ৰুগড়ৰ কেইটামান সংগঠনৰ কৰ্মকতাই ১২ আগষ্টত ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় ডামানিছ নাৰ্চিং হোমৰ বিৰুদ্ধে norms follow নকৰাৰ বিভিন্ন অভিযোগ তুলি ১০ লাখ টকা দাবী কৰা লগতে ৯০,০০০ হাজাৰ টকা নগদ সংগ্ৰহ কৰে। মালিক পক্ষই দিয়া এক গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে ছজনক ৷

six organisation leader arrested
six organisation leader arrested
author img

By

Published : Aug 16, 2020, 3:26 AM IST

ডিব্ৰুগড়, 15 আগষ্ট : জাতিৰ উন্নয়ৰ দায়িত্ব বহন কৰা, ৰাজপথৰ আন্দোলনত অংশ লোৱা জাতীয় সংগঠনৰ নেতাৰ নিৰ্লজ্জ কাণ্ড। যি কাণ্ডই লজ্জিত কৰিছে সংগঠনৰ নাম।স্বাধীনতা দিৱসৰ দিনাই গ্ৰেপ্তাৰ হ'ল 6 গৰাকীকৈ জাতীয় সংগঠনৰ নেতা-সদস্য । এইকেইজন নেতা-কৰ্মীৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব ৷

অভিযোগ অনুসৰি নিজকে জাতীয় সংগঠনৰ পৰিচয় দিয়া ডিব্ৰুগড়ৰ কেইটামান সংগঠনৰ কৰ্মকতাই ১২ আগষ্টত ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় ডামানিছ নাৰ্চিং হোমৰ বিৰুদ্ধে norms follow নকৰাৰ বিভিন্ন অভিযোগ তুলি ১০ লাখ টকা দাবী কৰা লগতে ৯০,০০০ হাজাৰ টকা নগদ সংগ্ৰহ কৰে। কেৱল এইয়াই নহয়, এই মহামাৰীৰ সময়ত জৰুৰী চিকিৎসা লগত জড়িত থকা নাৰ্চিং হোম খনৰ চিকিৎসক আৰু নাৰ্চৰ লগত অভব্য আচৰণ কৰাৰো অভিযোগ উঠিছে । অৱশেষত মালিক পক্ষই দিয়া এক গোচৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১৩১০/২০২০/১২০B, ৪৪৮/১৮৮/৩৮৪/৩৮৭/২৯৪/২৬৯/২৭০/৫০৯/ ৫১B ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক আটক কৰে ৷

ধন দাবীৰ অভিযোগত আটক জাতীয় সংগঠনৰ নেতা-সদস্য

আটকাধীন নেতা-সদস্যসকল হৈছে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলাৰ সভাপতি জুবিন মেচ, সন্মিলিত অসমীয়া যুৱ শক্তি অসমৰ সম্পাদক দীপক দিহিঙীয়া, বীৰ লাচিত সেনাৰ সদস্য জিতু চেতিয়া, বীৰ লাচিত সেনাৰ কল্যাণ সোণোৱাল, দ্বিজেন দত্ত, টাই আহোম ছাত্ৰ সন্থাৰ সঞ্জীৱ দুৱৰা । দুৰ্নীতিৰ বিৰুদ্ধে সতকাই মাত মাতি অহাৰ লগতে ৰাজ পথত আন্দোলন কৰা এনে নেতা-সদস্যৰ প্ৰকৃত স্বৰূপ ধৰা পৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত ৷

লগতে পঢ়ক : সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.