মৰাণ,13 এপ্ৰিল : ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ মাজতে ৰাজ্যত ৰঙালী বিহুক লৈ উখল-মাখল পৰিৱেশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো দেখা হৈছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷
সাংস্কৃতিক নগৰী হিচাপে খ্যাত মৰাণৰ পৰা ব্যতিক্ৰমীভাৱে প্ৰথমবাৰৰ বাবে গঢ়ি উঠা চেংনাঙ হুঁচৰি দলে এইবাৰ সাজু হৈছে মঞ্চ কঁপাবলৈ ৷ চেংনাঙ হুঁচৰি দলৰ তৰফৰ পৰা ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে ৷ লগতে চেংনাঙ হুঁচৰি দলৰ পৰিকল্পনা সন্দৰ্ভত বহু কথা ক’লে শিল্পীগৰাকীয়ে ৷
লগতে পঢ়ক : ৰঙালী বিহুলৈ সাজু বৰপেটাৰ বাদ্য ব্যৱসায়ী