ETV Bharat / state

সংগীত এৰি পথাৰত কি কৰিছে কণ্ঠশিল্পী বিপিন চাউদাং

author img

By

Published : Jul 12, 2021, 1:23 PM IST

ক'ভিড (Covid 19)ৰ পৰিস্থিতিত হতাশ নহৈ সকলোকে হাতে-কামে লাগি আগবাঢ়ি আহিবলৈ আহ্বান জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙ (Singer Bipin Chawdang)ৰ ।

নতুন ৰূপত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং

মৰাণ, 12 জুলাই : ক'ভিড ১৯ (Covid 19) নে বহুতকে বহু কথাই শিকাই গ'ল । বহুতে ক'ভিড (Covid 19)পৰিস্থিতিত পৰি জীৱন জীৱিকাৰ পথ সলনি কৰিবলগীয়া হৈছে । ক'ভিড (Covid 19)ৰ ভয়াৱহ পৰিস্থিতিত দুটাকৈ বৰ্ষত অসমৰ শিল্পী সমাজতো ব্যাপক প্ৰভাৱ পৰাত সাংস্কৃতিক ক্ষেত্ৰত জড়িত শিল্পী-কলা কৌশলীয়ে গান-অভিনয় এৰি অন্য বিকল্প পথৰ সন্ধান কৰা পৰিলক্ষিত হৈছে । জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে (Singer Bipin Chawdang)ও এনে সংকটময় পৰিৱেশত মৎস্য পালন (Fishery)ৰ জৰিয়তে অন্য এক সংগ্ৰাম আৰম্ভ কৰিছে ।

শিল্পী (Singer Bipin Chawdang)গৰাকীয়ে মৰাণৰ খুমটাইত ১২ বিঘা মাটিত পুখুৰী খান্দি ইতিমধ্যে ৬ কুইণ্টল মাছৰ পোণা মেলিছে । বিপিন চাউদাং (Singer Bipin Chawdang)ৰ পুখুৰীত ৰৌ-ভকুৱাৰ খলখলনি আৰম্ভ হৈছে । পুখুৰীৰ পাৰৰ পৰাই বজাৰ দখলৰ লক্ষ্যৰে গীত জুৰিছে জনপ্ৰিয় গায়কগৰাকীয়ে ।

সমান্তৰালকৈ উক্ত স্থানতে কুকুৰা, হাঁহ পালনৰো পৰিকল্পনা কৰিছে শিল্পীগৰাকীয়ে ।

কণ্ঠশিল্পীগৰাকীয়ে প্ৰায় পাঁচজন লোক নিয়োগ কৰি পুখুৰীৰ পাৰত বিভিন্ন ধৰণৰ ফল-মূলৰ গছৰ লগতে কলগছ ৰোপণ কৰিছে । উল্লেখ্য যে, চৰকাৰৰ মীন বিভাগে (Fishery Department) শিল্পীগৰাকীক মৎস্য পালন (Fishery)ৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈ বিভাগৰ এখন ফলকো পুখুৰীৰ পাৰত লগাই ৰাখিছে ৷ কিন্তু শিল্পীগৰাকীয়ে এই পৰ্যন্ত বিভাগৰ তৰফৰ পৰা কোনো সাহায্য লাভ কৰা নাই বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.