ETV Bharat / state

পৰাজয়ৰ পিছত প্ৰদেশ কংগ্ৰেছত পদত্য়াগৰ ধুমুহা

author img

By

Published : May 8, 2021, 5:18 PM IST

অসমত কংগ্ৰেছৰ ভৱিষ্যত লৈ সংকিত দলীয় নেতা কৰ্মী ৷ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পাছতে পদত্যাগ কৰিলে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিয়ে ৷

Secretary of Dibrugarh Congress Pradip Majhi resigned
পৰাজয়ৰ পিছত প্ৰদেশ কংগ্ৰেছত পদত্য়াগৰ ধুমুহা

ডিব্ৰুগড় , 8 মে’ : বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত এতিয়া বিভিন্ন স্থানত মোহভংগ হৈছে কংগ্ৰেছৰ কৰ্মী তথা সৰ্মথকৰ। স্বয়ং অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ শোচনীয় পৰাজয় আৰু ৰাজ্যৰ আন আন সমষ্টিটো কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনত মৰ্মাহত দলীয় কৰ্মীৰ লগতে যুৱ কৰ্মীসকল ।

শুকুৰবাৰে, ডিব্ৰুগড়ত পদত্যাগ কৰিলে ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিয়ে । মন কৰিবলগীয়া যে, এপিচিচিৰ মজদুৰ কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক তথা লাহোৱাল ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰদীপ মাঝি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিৰ পুত্ৰ ।

উল্লেখ্য যে, আটছাৰ প্ৰাক্তন ৰাজ্যিক সাংগঠনিক সম্পাদক তথা আটছাৰ কামৰূপ জিলাৰ প্ৰাক্তন সভাপতি, আটছা গুৱাহাটী মহানগৰ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ মাঝিয়ে পিতৃৰ আৰ্দশৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰাৰে পৰা দীৰ্ঘদিন কংগ্ৰেছৰ বিভিন্ন বিষয়বাবত থাকি দলৰ হৈ কাম কৰি গৈছিল।

কিন্তু, শেহতীয়াকৈ কংগ্ৰেছৰ সু-নেতৃত্বৰ অভাৱত দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক দলটোৰ প্ৰতি ৰাইজে আস্থা হেৰুৱাই পেলাইছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱনেতা জনে দল ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি কয় । আনহাতে তেওঁৰ লগতে আন কেইবাজনেও পদত্যাগ কৰিব বুলিও ব্যক্ত কৰে মাঝিয়ে ৷
লগতে পঢ়ক : দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.