ETV Bharat / state

ৰাজ্যত দ্বিতীয় গৰাকী মহিলাই দান কৰিলে প্লাজমা - covid 19

কিছুদিন পূৰ্বে ৰাধিকা কৰোণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল । সেই ৰাধিকাই শনিবাৰে দান কৰে প্লাজমা। অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত এতিয়ালৈকে একে পৰিয়ালৰ তিনিজনে স্ব-ইচ্ছাই প্লাজমা দান কৰিছে ।

plasma
ৰাজ্যত দ্বিতীয় গৰাকী মহিলাই দান কৰিলে প্লাজমা
author img

By

Published : Aug 9, 2020, 5:07 AM IST

ডিব্ৰুগড়, 8 আগষ্ট : ৰাধিকা কেডিয়া নামৰ এগৰাকী মহিলাই অসম চিকিৎসা মহাবিদ্যালয়ত শনিবাৰে ৰাজ্যৰ প্লাজমা দান কৰে । তেওঁ হৈছে প্লাজমা দান কৰা ৰাজ্যৰ দ্বিতীয়গৰাকী মহিলা ৷ ইয়াৰ পূৰ্বে কামৰূপ মহানগৰৰ বাঘবাৰীৰ নিমিষাৰাণী বৰুৱাই দান কৰিছিল প্লাজমা ৷

কিছুদিন পূৰ্বে ৰাধিকা কৰোণাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছিল । সেই ৰাধিকাই শনিবাৰে দান কৰে প্লাজমা। অসম চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত এতিয়ালৈকে একে পৰিয়ালৰ তিনিজনে স্ব-ইচ্ছাই প্লাজমা দান কৰিছে ।

ডিব্ৰুগড় এইচ এচ ৰোডৰ ৰমেশ কেডিয়াৰ পৰিয়ালৰ সাত জন লোক ক’ভিড-19 আক্ৰান্ত হৈছিল । যোৱা 4 আগষ্টত অসমৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই অসম চিকিৎসা মহাবিদ্যালয়ত প্লাজমা বেংক মুকলি কৰাৰ দিনা ৰমেশ কেডিয়াৰ পৰিয়ালৰ সতীশ কেডিয়া, সন্তোষ কেডিয়াই স্ব-ইচ্ছাই প্লাজমা দান কৰে ।

ক’ভিডক জয় কৰি 28 দিন সম্পূৰ্ণ কৰা কেডিয়া পৰিয়ালৰ তৃতীয় গৰাকী সদস্যা ৰাধিকা কেডিয়াই শনিবাৰে প্লাজমা দান কৰে। পৰিয়ালটোৰ তিনিজনৰ মহানুভৱতাই ছয়জন লোকৰ প্ৰাণ বচাবলৈ সক্ষম হ'ব । প্লাজমা দান কৰা পৰিয়ালটোক অসম চিকিৎসা মহাবিদ্যালয় প্লাজমা বেংকৰ চিকিৎসকেও কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : অসম কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব জুবিন গাৰ্গ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.