মৰাণ,11 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ বাধাগ্ৰস্ত লোকসকলৰ প্ৰামাণীকৰণৰ সুবিধাৰ্থে বৃহস্পতিবাৰৰ পৰা 24 ডিচেম্বৰলৈ আয়োজন কৰা হৈছে এক স্ক্ৰীণিং শিবিৰৰ ৷ জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডৰ বাধাগ্ৰস্ত লোকৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷
![screening camp organised](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8038to8042-screeningcampofcertificateofpersonwithdisabilitiesatdibrugarh-as10031_10122020200815_1012f_1607611095_640.jpg)
লাহোৱালৰ বালিকা এম ই স্কুলত বৃহস্পতিবাৰে আয়োজন কৰা স্ক্ৰীণিং শিবিৰত প্ৰায় 300 গৰাকী লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ আনহাতে, শুকুৰবাৰেও পুৱা 8 বজাৰ পৰা আৰম্ভ হ’বলগীয়া অন্যান্য স্ক্ৰীণিং শিবিৰসমূহতো বাধাগ্ৰস্ত লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে জিলা প্ৰশাসনে ৷
![screening camp organised](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8038to8042-screeningcampofcertificateofpersonwithdisabilitiesatdibrugarh-as10031_10122020200815_1012f_1607611095_368.jpg)
ইয়াৰোপৰি বাধাগ্ৰস্ত লোকসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ লাভত সহায় হোৱাকৈ এই শিবিৰ সম্পৰ্কে তেওঁলোকক অৱগত কৰিবলৈ সকলোকে আহ্বান জনাইছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷
লগতে পঢ়ক : চিত্ৰাংকণ প্ৰতিযোগিতাৰে ভোটাৰৰ মাজত সজাগতাৰ সৃষ্টি জিলা নিৰ্বাচনী বিষয়াৰ