মৰাণ, ২২ ডিচেম্বৰ: ডিব্ৰুগড়ত জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহযোগত মঙলবাৰে স্ক্ৰীণিং শিবিৰ অনুষ্ঠিত কৰা হয় ।
নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শাৰীৰিক বাধাগ্ৰস্ততা প্ৰমাণিকৰণৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷ এই শিবিৰত উপস্থিত থাকি নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালে বিশেষভাৱে সক্ষম লোকসকলক প্ৰমাণপত্ৰও প্ৰদান কৰে ৷
উল্লেখ্য যে, ডিব্ৰুগড় জিলা প্ৰশাসনে, জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জিলাৰখনৰ বিভিন্ন ঠাইত শৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰি আছে ।
প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, জিলাখনৰ বিভিন্ন ঠাইত পৰ্যায় ক্ৰমে এই শিবিৰ অনুষ্ঠিত হৈ থাকিব ।
এই স্ক্ৰীণিং শিবিৰত প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতে বিশেষভাৱে সক্ষম লোকসকলে চৰকাৰে আগবঢ়োৱা বিভিন্ন সা-সুবিধা লাভ কৰাত সহায়ক হ'ব ।
লগতে পঢ়ক:গোলাঘাটত জিলা কংগ্ৰেছৰ ১৪ গৰাকী বিষয়ববীয়াৰ পদত্যাগ