মৰাণ, 19 জুলাই: ৰাজ্যত কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ বৃহত্তৰ লেঙেৰী অঞ্চলত কোৱাৰেন্টাইনত থকা লোকৰ মাজত বিতৰণ কৰা সাহাৰ্য সামগ্ৰীৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ ৷ একালৰ আছু নেতা তথা বৰ্তমানৰ বিজেপি নেতা ভাস্কৰজ্যোতি বৰুৱা আৰু পঞ্চায়ত সভানেত্ৰী বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ কোৱাৰেন্টাইনত থকা লোক সকলে এই অভিযোগ উত্থাপন কৰাৰ পাছতে শেহতীয়াকৈ এই বিষয়টোৰ সন্দৰ্ভত এক অনুসন্ধান চলাই লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া-সদস্যসহ এটি দলে ৷ লেঙেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং , 2 নং, 3 নং আৰু 4 নং ৱাৰ্ডত হোম কোৱাৰেন্টাইনত থকা 28 জন লোকৰ পৰিয়ালত বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান চলায় ছাত্ৰ সন্তাৰ দলটোৱে ৷ অনুসন্ধানৰ অন্তত এটা কথা স্পষ্ট হৈছে যে, প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিগৰাকী ব্যক্তিৰ বিপৰীতে সামগ্ৰী বিতৰণ বাবদ দুহেজাৰ টকাকৈ আৱণ্টন কৰা হৈছে যদিও বিতৰণ কৰা হৈছে মাত্ৰ এহেজাৰ টকাৰ সামগ্ৰী ৷
উল্লেখ্য যে, কোৱাৰেণ্টাইনত এটা পৰিয়ালৰ সদস্যই প্ৰকাশ কৰা মতে, 25 কিলোগ্ৰাম বুলি লিপিবদ্ধ কৰা চাউলৰ বেগ ওজন কৰি 10 কিলোগ্ৰাম চাউলহে পোৱা হয় ৷ তাৰোপৰি দাইল 2 কিঃগ্ৰাঃ, মিঠাতেল 2 লিটাৰ, নিমখ 1 কিঃগ্ৰাঃ, 1 লিটাৰৰ আমূল স্পে' গাখীৰ 1 পেকেট, 48 টকা দামৰ 1 টা কলগেট , পিয়াজ 2 কিঃগ্ৰাঃ, ডেটল চাবুন এটুকুৱা, চয়াবিন 100 গ্ৰাঃ, ৰঙালাও এটা, চেনিটাইজাৰ এবটল, কণী এক প্লেটকে ধৰি মুঠ 940 (নশ চল্লিশ) টকা হয়গৈ মুঠ খৰচ৷ এই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷ লগতে একালৰ ছাত্ৰ আৰু বৰ্তমান বিজেপি নেতা ভাস্কৰজ্যোতি বৰুৱা আৰু পঞ্চায়ত সভানেত্ৰীয়ে প্ৰতিগৰাকী ব্যক্তিৰ বাবে আৱণ্টিত টকাৰ আধা অংশ আত্মসাৎ কৰা বুলিও অভিযোগ তুলিছে আছুৱে ৷