নাহৰকটীয়া,12 জুলাইঃ কৃষিমন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ চাচনীবাসী ৰাইজৰ ৷ চাচনীত দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰা মন্ত্ৰীগৰাকীৰ বান বিধ্বস্ত কৃষকৰ খবৰ ল‘বলৈ নাই তিলমানো আহৰি ৷ উল্লেখ্য যে, বিগত 6 জুলাইত অগপৰ দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰাৰ বাবে নাহৰকটীয়াত উপস্থিত হৈছিল কৃষিমন্ত্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ কিন্তু ইয়াৰ পিছতো মন্ত্ৰীগৰাকীৰ বাবে আশাৰে ৰৈ থকা অঞ্চলটোৰ বানে বিধস্ত কৰা দুৰ্ভগীয়া কৃষকসকলৰ কাষত উপস্থিত নহয় দুয়োগৰাকী মন্ত্ৰী ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে চাচনীৰ কৃষক ৰাইজ ৷
আনহাতে, অসম গণ পৰিষদৰ দখলত থকা নাহৰকটীয়া সমষ্টি এইবাৰ বিজেপিৰ দখললৈ যোৱাৰ যি সৰৱ চৰ্চা চলিছে সেই বিষয়ে তেখেতক প্ৰশ্ন কৰাত নিৰ্বাচনীকেন্দ্ৰীক এইসমূহ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰাও বিৰত থাকে মন্ত্ৰী অতুল বৰা ৷ অৱশ্যে স্থানীয় বিধায়ক নৰেন সোনোৱালে বিজেপিত যোগদানৰ বাতৰিক সম্পূৰ্ণৰূপে নাকচ কৰে ৷ বিধায়কগৰাকীয়ে কয় যে, তেওঁ আঞ্চলিকতাবাদত বিশ্বাসী গতিকে এই দল এৰি অন্য দলত যোগদান কৰাৰ প্ৰশ্নই নুঠে ৷
লগতে পঢ়ক-পেট্ৰ’লৰ গন্ধত ভীতিগ্ৰস্ত বাসুগাঁৱবাসী