মৰাণ,29 নৱেম্বৰ : ডিব্ৰুগড়ৰ মিলন জ্যোতি সংঘৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযােগত চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত দ্বাদশ ডিব্রুগড় গ্রন্থমেলাত দেওবাৰে উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল (Union Minister Sarbananda Sonowal visits Dibrugarh book fair) ।
![Central Minister Sarbananda Sonowal present at Dibrugarh Book Fair](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8010to8011-excmsarbanandasonowalispresentinbookfairofdibrugarh-as10031_29112021095529_2911f_1638159929_896.jpg)
কেন্দ্রীয় মন্ত্ৰী গৰাকীয়ে গ্রন্থমেলাৰ বাকৰিত থকা বিভিন্ন গ্রন্থ বিপণী পৰিদৰ্শন কৰি গ্ৰন্থৰ সুবাস লয়। নিজৰ প্ৰিয় গন্থখন বিচাৰি গ্ৰন্থৰ বিপনীয়ে বিপনীয়ে ঘূৰিলে মন্ত্ৰী গৰাকীয়ে আৰু বহু কেইখন প্ৰিয় গ্ৰন্থ ক্ৰয় কৰা পৰিলক্ষিত হয় । গ্রন্থমেলা ভ্ৰমনৰ সময়ত তেওঁক সংগ দিয়ে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই (ATDC Chairman Rituparna Baruah)।
গ্রন্থমেলাৰ উদ্যোক্তা সমিতিৰ এই প্ৰচেষ্টাক এক মহৎ কৰ্ম বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে। অসমৰ ৰাইজে আন্তৰিকতাৰে এই গ্ৰন্থমেলাত সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে সোণোৱালে । মোহনবাৰী বিমানবন্দৰৰ পৰা পোনে পোনে চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । উল্লেখ্য যে, ৭ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত দ্বাদশ ডিব্রুগড় গ্রন্থমেলা।
লগতে পঢ়ক : হঠাৎ কিয় মাজুলীলৈ গ’ল সৰ্বানন্দ সোণোৱাল !