ETV Bharat / state

Sonowal Kachari Sahitya Sabha : সোণোৱাল কছাৰী সাহিত্য সভাত উপস্থিত সৰ্বানন্দ সোণোৱাল - সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম দ্বি বাৰ্ষিক অধিৱেশন

দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন (Biennial session of Sonowal Kachari Sahitya Sabha)ৰ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Central Minister Sarbananda Sonowal at Dibrugarh) । এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে উন্মোচন কৰে ৫০ খন গ্ৰন্থ ৷ আনহাতে, ডিব্ৰুগড়ৰ চহৰিকটা টেপৰগুৰিত অনুষ্ঠিত হৈছে সোণোৱাল কছাৰী সকলৰ ক্ষত্ৰীয় পূজা (Kshatriya Puja) ৷ এই পূজাত সোমবাৰে অংশ ল'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

Sonowal Kachari Sahitya Sabha
সোণোৱাল কছাৰী সাহিত্য সভাত উপস্থিত সৰ্বানন্দ সোণোৱাল
author img

By

Published : Nov 29, 2021, 3:12 PM IST

মৰাণ, 28 নৱেম্বৰ : উজনি অসমৰ এক বাৰে বৰণীয়া সাংস্কৃতিক পৰিচয় থকা জনগোষ্ঠী হৈছে সোণোৱাল কছাৰী । ডিব্ৰুগড়ত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশন (Biennial session of Sonowal Kachari Sahitya Sabha) । গগন চন্দ্ৰ সমন্বয় ক্ষেত্ৰ হাতীমূৰা ৰাজহুৱা খেল পথাৰত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশন ।

ডিব্ৰুগড়ৰ হাতীমূৰা গগণ চন্দ্ৰ সোণোৱাল ক্ষেত্ৰত অনুষ্ঠিত হোৱা সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনত দেওবাৰে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at Sonowal Kachari Sahitya Sabha)৷ প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ দ্বাদশ গ্ৰন্থমেলা পৰিদৰ্শন কৰে ৷ তাৰ পিছত অংশগ্ৰহণ কৰে সোণোৱাল কছাৰী সাহিত্য সভাত ।

সোণোৱাল কছাৰী সাহিত্য সভাত উপস্থিত সৰ্বানন্দ সোণোৱাল

এই সভাত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Assam assembly speaker Biswajit Daimary at Dibrugarh), সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দিপুৰঞ্জন মাক্ৰাৰী, সোণোৱাল কছাৰী সাহিত্য সভাৰ বিষয়-ববীয়া লগতে বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ । দেওবাৰৰ এই সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ পাচতে মাংগলিক অনুষ্ঠান আৰু বিশাল পৰম্পৰাগত নৃত্য-গীত, গায়ন-বায়নেৰে তেওঁক আদৰণি জনোৱা হয় ৷

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে অনুষ্ঠিত হোৱা সভাখনতে একেলগে ৫০ খন গ্ৰন্থৰ উন্মোচন কৰে (Books released in Sonowal Kachari Sahitya Sabha) । এই সভাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সোণোৱাল কছাৰী জনগোষ্ঠীক আগবঢ়াই নিয়াৰ দিশত সাহিত্যিক সকলক নতুন সৃষ্টিৰাজিৰ বিশেষ প্ৰয়োজন বুলিও মন্তব্য কৰে ৷ লগতে এই সাহিত্য সভাৰ পৰা বিশ্ব শ্ৰেষ্ঠ সাহিত্য সৃষ্টি হোৱা আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ইফালে ডিব্ৰুগড়ৰ চহৰিকটা টেপগুৰিত দেওবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে সোণোৱাল কছাৰীসকলৰ ক্ষত্ৰীয় পূজা (Kshatriya Puja of Sonowal Kachari Tribe) । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ তত্বাৱধানত সোণোৱাল কছাৰী জাতীয় অনুষ্ঠানৰ সহযোগত আয়োজন কৰা হৈছে এই ক্ষত্ৰীয় পূজাৰ কাৰ্যসূচী । পুৱা বৃক্ষ ৰোপণ, প্ৰদৰ্শনী আৰু বাণিজ্য মেলা উদ্ধোধন কৰাৰ পিছতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় লেছেৰি বুটলা প্ৰতিযোগিতা ।

উল্লেখ্য যে, কৃষিজীৱী জনজাতীয় সোণোৱাল কছাৰীসকলে উৰণ, বুৰণ, গজন, ভ্ৰমণ এই চাৰিমুঠি জীৱৰ উদ্ধাৰৰ নিমিত্তে ধৰ্মীয় ৰীতি-নীতিৰে ন-ধানৰ ন-মুঠি ন-পুৰুষক অৰ্পণ কৰি জাতিটোৰ কৰ্ম দক্ষতা বৃদ্ধিৰ বাবে সমূহীয়াকৈ ক্ষত্ৰীয় দেৱতাৰ ওচৰত আশীৰ্বাদ বিচাৰি এই পূজা উদযাপন কৰি আহিছে । ২৯ নৱেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma in Dibrugarh), প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাৰ লগতে ভালেকেইগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকি এই অনুষ্ঠানত ।

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.