ডিব্ৰুগড়ৰ,৯ অক্টোবৰ: "মাতৃৰ কোলাত মই যি শিক্ষা বুটলিছিলোঁ,সেইবোৰ মোৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা" ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত এই মন্তব্য(Sarbananda Sonowal at Kanoi College) কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেওবাৰে ‘আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Closing ceremony of Maharajat Jayanti in Kanoi College) ।
মহাবিদ্যালয়খনৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াৰ উদ্যোগত অনুষ্ঠানটি আয়োজন কৰা হয় । অনুষ্ঠানটিত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, মহাবিদ্যালয়ৰ উপাধ্যক্ষ, মহাবিদ্যালয় শাসকীয় সংস্থাৰ সভাপতিকে আদি কৰি , শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল(Maharajat Jayanti of Kanoi College in Dibrugarh) ।
ভাষণৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ মহাবিদ্যালয়খনৰ স্মৃতি ৰোমন্থন কৰি ইয়াৰ প্ৰতিষ্ঠাপকসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । তেওঁ পঢ়ি থকা সময়ত কানৈ কলেজ সাংস্কৃতিক, ক্ৰীড়া আৰু শিক্ষাৰ দিশত এখন আগৰণুৱা কলেজ আছিল বুলি গৌৰৱ ব্যক্ত কৰে । সেই সময়ত তেওঁ এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শৰীৰ চৰ্চা বিভাগৰ সাধাৰণ সম্পাদক থকাৰ কথাও উল্লেখ কৰে ।
এইখন মহাবিদ্যালয়ৰ লগতে পিছলৈ বিশ্ববিদ্যালয়তো ষ্ট্ৰং-মেনৰূপে পৰিচিত আছিল বুলি ছাত্ৰ-ছাত্ৰীসকলৰ আগত ব্যক্ত কৰে সোণোৱালে । ক্ৰিকেট খেলত থকা ৰাপৰ কথা তেওঁ বিশেষভাৱে উল্লেখ কৰি কয় যে এসময়ত এই কানৈ কলেজৰ গোবৰ মাটিৰে লিপা ক্ৰিকেট পিট্ছৰ পৰা লণ্ডনৰ প্ৰসিদ্ধ খেলপথাৰবোৰলৈ তেওঁৰ যাত্ৰাৰ বহুতো সোণোৱালী স্মৃতি তেওঁৰ মনলৈ আহিছে ।
ছাত্ৰ-ছাত্ৰীৰে কথোপকথনৰ অংশত তেওঁ বিভিন্ন শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰ দিয়ে । মন্ত্ৰীগৰাকীৰ সহনশীল, হাস্যময় ব্যক্তিত্বৰ কাৰণৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ হিচাপে তেওঁ নিজৰ আদিগুৰু পিতৃ-মাতৃৰ অৱদানৰ কথা উল্লেখ কৰে । কোনো আনুষ্ঠানিক শিক্ষা নথকা তেওঁৰ মাতৃৰ পৰা আহৰণ কৰা মানৱীয় গুণসমূহে তেওঁক সহনশীল হোৱাত যথেষ্ট সহায় কৰিছে বুলি ব্যক্ত কৰে । বিভিন্ন প্ৰতিকূল পৰিস্থিতিত সহিষ্ণুতা, ইতিবাচক দৃষ্টিভংগী আদিয়ে কেনেদৰে সহায় কৰে তেওঁ ছাত্ৰ-ছাত্ৰীক বুজাই দিয়ে ।
আয়ুষ মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালে(AYUSH Minister Sarbananda Sonowal) ভাৰতৰ প্ৰাচীন চিকিৎসা পদ্ধতিৰ গুৰুত্ব বৰ্ণনা কৰে । এই ক্ষেত্ৰত তেওঁ ৰামায়ণৰ লংকা-কাণ্ডৰ উদ্ধৃতি দি কয় যে লক্ষ্মণ মৃতপ্ৰায় অৱস্থাত পৰি থকা সময়ত হনুমানে সঞ্জীৱনী বুটি আনি তেওঁৰ জীৱন ৰক্ষা কৰিছিল । তাহানিৰ দিনৰ পৰাই ঔষধি গছ-লতিকাৰ গুণাগুণ আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত বৰ্ণিত আছে বুলি তেওঁ উল্লেখ কৰে ।
আয়ুষ মন্ত্ৰালয়ৰ অধীনত দেশৰ প্ৰায় ৯৫০০ ফেক্টৰীত এই প্ৰাকৃতিক ঔষধি উদ্ভিদবোৰক বিজ্ঞানসন্মত দৰৱৰূপে তৈয়াৰ কৰি থকা হৈছে । ভাৰতৰ আয়ুষ ক্ষেত্ৰই বিশ্বৰ বজাৰত ১৮.২ বিলিয়ন ডলাৰৰ ব্যৱসায় কৰিবলৈ সক্ষম হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অনুষ্ঠানত তেওঁ যোগৰ গুৰুত্বও বিশদভাৱে আলোচনা কৰে । দিনটোৰ কমেও এঘণ্টা সময় স্বাস্থ্য ৰক্ষাৰ নামত দিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰে ।
তেওঁৰ দায়িত্বত থকা অন্য এটা বিভাগ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কথা ক'বলৈ গৈ তেওঁ উল্লেখ কৰে যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা বন্দৰৰ আধুনিকীকৰণৰ কাম ক্ষিপ্ৰতাৰে হ'বলৈ ধৰিছে । ছাত্ৰ-ছাত্ৰীসকলক এইবোৰ ঠাই দেখুৱাবলৈ শিক্ষামূলক ভ্ৰমণ কৰোৱাৰ বাবে কলেজ কৰ্তৃপক্ষক তেওঁ অনুৰোধ কৰে । মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা জিমনেছিয়াম হল আৰু খেলপথাৰখনৰ উন্নীতকৰণৰ বাবে তেখেতে নিজাববীয়াকৈ অৱদান আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰে ।
লগতে আয়ুষ মন্ত্ৰালয়ৰ অধীনত এটি আৰোগ্য কেন্দ্ৰ আৰম্ভ কৰাৰো ইংগিত দিয়ে । তেওঁ লগতে মহাবিদ্যালয়খনৰ উন্নতি কামনা কৰি কয় যে আজিৰ সময়ত সকলো ক্ষেত্ৰতে তীব্ৰ প্ৰতিযোগিতা গঢ় লৈ উঠিছে । গতিকে অনাগত দিনবোৰত দূৰদৰ্শী চিন্তাধাৰাৰে সংযোজন কৰা আধুনিক পাঠ্যক্ৰমৰদ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পাৰে ।
তেতিয়া ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰত হৈ থকা আধুনিকীকৰণ, বিভিন্ন ধৰণৰ উদ্ভাৱনীমূলক ষ্টাৰ্টআপসমূহৰ লগত অসমৰ ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফেৰ মাৰিব পাৰিব আৰু সফলতা অৰ্জন কৰি নিজক প্ৰতিষ্ঠিত কৰাৰ লগতে অসমী আইৰ নাম ভাৰতবৰ্ষৰ বুকুত জিলিকাই তুলিবলৈ পণ ল'ব লাগিব বুলি উল্লেখ কৰে সোণোৱালে ।
তদুপৰি তেওঁ উল্লেখ কৰে যে ভাৰতে ২০৪৭ চনত স্বাধীনতাৰ শতবৰ্ষ পূৰণ কৰিব । গতিকে, স্বাধীনতাৰ অমৃত কালৰ এই সময়ছোৱাত প্ৰত্যেকেই আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিব লাগিব । লগতে ভাৰতবৰ্ষক কাৰ্বন নিঃসৰণ মুক্ত (Zero Carbon Emission) দেশ কৰি তুলিব লাগিব । তেওঁ মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মহাবিদ্যালয় কৰ্তৃপক্ষকো আগন্তুক ৫০ বছৰৰ লক্ষ্য আগত ৰাখি কানৈ মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ লগতে গুণগত মান অধিক উন্নত কৰিবলৈ সঠিক কাৰ্যপন্থা হাতত ল'বৰ বাবে আহ্বান জনায় ।
লগতে তেঁও কয় যে প্ৰকৃতিয়েই হৈছে ভগৱানৰ ৰূপ । গতিকে আমি সকলোৱে প্ৰকৃতিক আদৰ, যত্ন আৰু ভাল পাবলৈ শিকিব লাগে । যদি আমি প্ৰকৃতিক ভাল পাওঁ, প্ৰকৃতিয়েও আমাক ভাল পাব । তদুপৰি তেওঁ আগন্তুক ২৩ অক্টোবৰত সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'বলগীয়া 'আয়ুৰ্বেদ দিৱস'ৰ বিষয়েও আলোকপাত কৰি 'হৰ দিন, হৰ ঘৰ আয়ুৰ্বেদা'ৰ অংশ হিচাপে প্ৰত্যেককে দৈনিক অন্ততঃ এঘন্টা সময় নিজৰ শৰীৰটোৰ বাবে দি যোগ,প্ৰাণায়ম, ধ্যান আৰু আসন ইত্যাদি কৰিবলৈ অনুৰোধ জনায় ।
সৰ্বানন্দ সোনোৱালে সদ্যপ্ৰয়াত সোণোৱাল কছাৰী সমাজৰ আধ্যাত্মিক গুৰু তথা বৰপথাৰ বাইথ' মন্দিৰৰ ৰাজাগুৰু তৰুণ বাইথৰীদেৱৰ তিনিচুকীয়াৰ বৰপথাৰস্থিত বাসগৃহত উপস্থিত হৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত নিকটাত্মীয় তথা অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰে ।
লগতে পঢ়ক: ভৰা সোৱণশিৰিৰ বুকুত বিকল হ’ল যাত্ৰীবাহী ফেৰী