নিউজ ডেস্ক, 29 আগষ্ট : অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃ স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি (Srimanta Sankardeva Tirobhava Tithi) । ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰাই এখন সুস্থিৰ সমাজ গঠন কৰা গুৰুজনাক আজি ৰাজ্যজুৰি হৰিনাম কীৰ্তনেৰে ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ মৰাণতো ৰাইজে অনুষ্ঠিত কৰে গুৰুজনাৰ পূণ্য তিৰোভাৱ তিথি (Sankaradeva death anniversary observes in Dibrugarh) । মৰাণ কুশল নগৰৰ নামঘৰত ৰাইজে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিলে গুৰুজনাৰ পূণ্য তিৰোভাৱ তিথি । পুৱাই ৰাইজে গুৰুজনাৰ যি ধৰ্মীয় চেতনা আৰু আধ্যাত্মিক চিন্তাক ৰাইজৰ মাজত অনুধাৱন কৰোৱাৰ উদ্দেশ্যে মৰাণৰ ৰাজপথত বাহিৰ কৰে ভাগৱত ভ্ৰমণ কাৰ্যসূচী ।
লগতে পঢ়ক : ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শংকৰদেৱৰ তিৰোভাৱ তিথি
এই কাৰ্যসূচীত ভকত বৃন্দৰ লগতে কুশল নগৰৰ যুৱক-যুৱতীসকলেও জাতীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । ইয়াৰ পাচতেই নামঘৰতসমূহীয়াভাৱে অনুষ্ঠিত হয় গুৰুজনাৰ নাম কীৰ্তন । এক প্ৰকাৰে হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ল মৰাণৰ কুশল নগৰৰ নামঘৰ ।
মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰত গুৰুজনাৰ নামৰ ধব্বনিৰে মুখৰিত হ’ল চৌদিশে । পুৱাৰে পৰা নামঘৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত । গুৰুজনাৰ নামৰ ধব্বনিৰে মুখৰিত হৈছে শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰ ।
ইফালে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰ বিশেষকৈ কাৰ্বি আংলং, নগাঁও, কলিয়াবৰ, জোনাই, চতিয়া, বিশ্বনাথ আদিতো পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি ৷ এক প্ৰকাৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ’ল ৰাজ্যৰ ভিন্ন ক্ষেত্ৰ ৷
লগতে পঢ়ক : লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ত গুৰুজনাৰ তিৰোভাৱ তিথি পালন