মৰাণ,9 মাৰ্চ: ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ সঞ্জীৱ চাংমাই আজি মনোনয়ন দাখিল কৰে । এসময়ত আছুৰ কেন্দ্ৰীয় নেতা আৰু বৰ্তমান অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সঞ্জীৱ চাংমাই কয়, "বিজেপিৰ অপশাসন আৰু ভ্ৰষ্টাচাৰী ৰাজনীতিৰ অৱসান ঘটাবলৈ অসম জাতীয় পৰিষদৰ এজন ৰণুৱা হিচাপে আগবাঢ়িছো" ৷ ৰাইজে সহায় কৰিলে এই লক্ষ্যত নিশ্চয় উপনীত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে এজেপিৰ প্ৰাৰ্থী গৰাকীয়ে ।
'মৰাণ সমষ্টিত বহু সমস্যা আছে ৷ এই সমস্যা সমূহ সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰা হ'ব' বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে সঞ্জীৱ চাংমায়ে ৷ প্ৰাৰ্থীজনে বিপুল ভোটত জয়লাভ কৰাৰো আশা ব্যক্ত কৰে ৷
লগতে পঢ়ক: ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে উঠাই ললে মনোনয়ন পত্ৰ