মৰাণ,২১ এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ডিব্ৰুগড় জিলাত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । ইয়াৰ পিছতে সষ্টম হৈ পৰিছে জিলা প্ৰশাসন । চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰিছে ।
সমান্তৰালকৈ বিহুৰ অনুষ্ঠানসমূহো বাতিল কৰা হৈছে । লগে লগে কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে । আনকি জিলাখনৰ বিভিন্ন স্থানত ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চেনিটাইজ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছে প্ৰশাসনে ।
সন্ধিয়া প্ৰশাসনে ডিব্ৰুগড় পৌৰসভাৰ সহযোগত নগৰৰ এইছ.এছ.ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ লগতে বাট-পথসমূহ চডিয়াম হাইপ'ক্ল'ৰাইট মিশ্ৰন ব্যৱহাৰ কৰি চেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । উল্লেখ্য যে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই নিজে উপস্থিত থাকি এই প্ৰক্ৰিয়া তদাৰক কৰে । এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰাজীৱ থাপা আৰু ৰঞ্জিত কোঁৱৰো উপস্থিত থাকে ।
লগতে পঢ়ক:23 বছৰৰ কাৰাদণ্ডৰে দণ্ডিত ত্ৰিপুৰাৰ এজন ব্যক্তি