ETV Bharat / state

একাংশ ক’ভিড যোদ্ধাক সম্বৰ্ধনা স্বয়ং সেৱক সংঘৰ - ডিব্ৰুগড়ত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

সোমবাৰে ডিব্ৰুগড়ত একাংশ ক’ভিড যোদ্ধা তথা স্বাস্থ্যকৰ্মীক সন্মান ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৷ জিলাখনত ইতিমধ্যে বহু সেৱামূলক কাম কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ডিব্ৰুগড় সেৱাই ৷

rss felicitate to covid warriors
ডিব্ৰুগড়ত ক’ভিড যোদ্ধাক সন্মান
author img

By

Published : Jun 7, 2021, 10:30 PM IST

ডিব্ৰুগড়, 7 জুন : ডিব্ৰুগড়ত সোমবাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দি থকা একাংশ স্বাস্থ্যকৰ্মীক সম্বৰ্ধনা জনালে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ৷ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ডিব্ৰুগড় সেৱা বিভাগৰ দ্বাৰা জিলাখনত ইতিমধ্যে বহু সেৱামূলক কাম আৰম্ভ কৰা হৈছে । চাহবাগান অঞ্চলত চাবুৱা খণ্ডৰ স্বয়ং সেৱকসকলে ৰেপিড টেষ্টৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰিছে সংঘই ৷

ডিব্ৰুগড়ত ক’ভিড যোদ্ধাক সন্মান

উল্লেখ্য যে, বিগত 21 মে’ত জিলাখনৰ কেশৱ ভৱনত সেৱা ইণ্টাৰনেশ্যনেলৰ দ্বাৰা পাঁচটাকৈ অক্সিজেন কনচেন্ট্ৰেটৰ সেৱা ভাৰতীলৈ আগবঢ়াই স্বয়ং সেৱক সংঘই । এই কনচেন্ট্ৰেটৰসমূহ প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব ক’ভিড ৰোগীয়ে । আনহাতে 24 মে’ৰ পৰা কেশৱ ধামত বিনামূলীয়া ক’ভিড টীকাকৰণৰ ব্যবস্থা কৰা হৈছে ৷ বৰ্তমানলৈকে 1,200 গৰাকী লোকৰ টীকাকৰণ সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে ৷

ইফালে 60ৰ উৰ্ধৰ লোকৰ যদি বজাৰ-সমাৰ আৰু ঔষধ আনিবলৈ যোৱাত অসুবিধা হয়, তেন্তে এটি দূৰভাষ নম্বৰত ফোন কৰি এই সুবিধা ল’ব পাৰিব লোকজনে ৷ এই অনুষ্ঠানত জিলা আৰু নগৰৰ সকলো কাৰ্যকৰ্তাই সহযোগ কৰিছে ।

লগতে পঢ়ক : ৰমেন বৰুৱাক জন্মদিনৰ শুভেচ্ছা জনালে মন্ত্ৰী বিমল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.