ETV Bharat / state

মৰাণৰ কৰ্দৈগুৰীত আবতীয়া বিহু পাতিলে ৰাইজে - পথৰ আধাৰশিলা স্থাপন

অৱশেষত মৰাণৰ কদৈগুৰী ৰাইজে লাভ কৰিলে ৭৩ লাখ টকাৰ পথ ৷ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ ৰাইজে বিধায়কক বিহু নাচি আদৰি নি আধাৰশিলা স্থাপন কৰায় ।

road repairing foundation stone
road repairing foundation stone
author img

By

Published : Nov 1, 2020, 9:44 PM IST

মৰাণ, 1 নবেম্বৰ : উজনি অসমৰ মৰাণ বিধানসভা সমষ্টিৰ বহু অঞ্চলে আজিও উন্নয়নৰ মুখ দেখা নাই । মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ অন্তৰ্গত যদিও বহু গ্ৰাম্যাঞ্চলত পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো উন্নয়নে ঢুকি পোৱা নাই । কৰ'বাত যদি গৰাখহনীয়া, কৰ'বাত অঞ্চলটোৰ মূল পথটো জৰাজীৰ্ণ । বৰ্তমান বিধায়ক চক্ৰধৰ গগৈয়ে দুই এটা উন্নয়নমূলক কাম কৰিছিল যদিও সমষ্টিৰ সামগ্ৰিক উন্নয়নত বিফল হ'ল বিধায়ক জন । তথাপিও শনিবাৰে বিধায়কজনে মৰাণ সমষ্টিৰ নাহৰণি পঞ্চায়তৰ কৰ্দৈগুৰী গাঁৱৰ এচ অ’ পি ডিৰ অধীনত প্ৰায় ৭৩ লাখ টকাৰে মূল পথটোৰ আধাৰশিলা কৰি ৰাইজৰ বহুদিনীয়া সমস্যা এটা ওৰ পেলায় ।

road repairing foundation stone
পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

ৰাইজৰ দাবী প্ৰতিবাদৰ অন্তততহে লাভ কৰিলে পথটো । পথটোৰ আধাৰশিলা হোৱাত আনন্দিত অঞ্চলটোৰ ৰাইজ । ৰাইজে বিধায়কক বিহু নাচি আদৰি নি আধাৰশিলা স্থাপন কৰায় । আধাৰশিলা অনুষ্ঠানটোত বিধায়কৰ লগতে পঞ্চায়তৰ সভাপতি কল্পেন্দ্ৰ কোঁৱৰ, জিলা পৰিষদ সদস্যা মামু হাজৰিকা, ৱাৰ্ড সদস্যৰ লগতে কেইবাজনো দলীয় কাৰ্যকৰ্তা উপস্থিত থাকি অনুস্থানটো সাফল্যমণ্ডিত কৰি তোলাত অনুপ্ৰেৰণা যোগায় ৷

road repairing foundation stone
মৰাণৰ কৰ্দৈগুৰীত আবতীয়া বিহু পাতিলে ৰাইজে

লগতে পঢ়ক : ধুবুৰীত উপস্থিত হৈ ক্ৰিকেটাৰ জাবেদ জামানৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.