ETV Bharat / state

দুলীয়াজানত শোকাৱহ দুৰ্ঘটনা: থিতাতে নিহত বাইক আৰোহী

দুলীয়াজানত শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী (Road accident at Duliajaan) ৷ জালনী অঞ্চলত সংঘটিত এই দুৰ্ঘটনা ৷ নিহত যুৱকজন নিশা ডিগবৈৰ পৰা মটৰ চাইকেলেৰে দুলীয়াজান অভিমুখে আহি আছিল ৷

Road accident at Duliajaan
দুলীয়াজানত থিতাতে নিহত বাইক আৰোহী
author img

By

Published : Sep 17, 2022, 1:39 PM IST

ডিব্ৰুগড়,17 ছেপ্টেম্বৰ: দুলীয়াজানত শোকাৱহ দুৰ্ঘটনা(Road accident at Duliajaan) ৷ দুলীয়াজানৰ জালনী অঞ্চলত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ।‌ নিহত যুৱকগৰাকী দুলীয়াজানৰ বুদ্ধ মন্দিৰ অঞ্চলৰ ৰাহুল সোনাৰ বুলি জানিব পৰা গৈছে ।

দুলীয়াজানত থিতাতে নিহত বাইক আৰোহী

নিহত যুৱকজন নিশা ডিগবৈৰ পৰা মটৰ চাইকেলেৰে দুলীয়াজান অভিমুখে আহি থকা অৱস্থাত দুলীয়াজানৰ দিশৰ পৰা অহা এ এছ ০৬ চি চি ০৪৮৫ নম্বৰৰ বলেৰ' গাড়ী এখনে মুখামুখিকৈ খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । উক্ত দুৰ্ঘটনাত মটৰ চাইকেলৰ আৰোহীগৰাকী থিতাতে নিহত হয় । ইতিমধ্যে আৰক্ষীয়ে নিহত যুৱকগৰাকীৰ মৃতদেহটো দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰিছে (Oil india hospital of Duliajaan) ।

আজি নিহত যুৱকগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হ'ব (Assam medical college hospital)। ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ণ কৰে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ চালকজন । শেহতীয়াকৈ আৰক্ষীয়ে‌ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: অসমক আগুৱাবলৈ কাজিৰঙাত চৰকাৰৰ চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.