ETV Bharat / state

ডিব্ৰুগড়ত নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা দুই অসমীয়াৰ

author img

By

Published : Jul 5, 2021, 5:41 PM IST

ব্ৰহ্মপুত্ৰক ব্যৱহাৰেৰে নদী পৰ্যটনেৰে (River Tourism) এক নতুন দিগন্তৰ সূচনা ৷ নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা কৰিছে অসমৰ দুই যুৱকে ৷ একোখনকৈ ভ্ৰমি ফুৰা নৌকা মেলি প্ৰথম বাৰলৈ উজনিত আৰম্ভ নদী পৰ্যটন ৷

river tourism at dibrugarh
নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা

ডিব্ৰুগড়, 5 জুলাই : সাধাৰণতে বহুজনে ক'ব খোজে "ব্যৱসায়ত কেঁচা অসমীয়া" । ব্যৱসায় বা উদ্যোগ এটা গঢ় দি সাফল্যৰ জখলা বগোৱাৰ উদাহৰণ অসমীয়াৰ ক্ষেত্ৰত বৰ সীমিত । আঙুলি মূৰত লেখিব পৰা বুলি ক'লেও ভুল নহ'ব ।

কিন্তু এনে চিন্তাক প্ৰত্যাহ্বান জনাই এক প্ৰকাৰ নৱ বিপ্লৱৰ সূচনা কৰিছে অসমৰ দুই উদ্যমী ব্যক্তিয়ে । এই বিপ্লৱ সূচনা হৈছে লুইতৰ পাৰৰ পৰা । এইবাৰ এই নৱ জাগৰণৰ সূচনা হৈছে অসমত । উজনি অসমৰ বৰ চহৰ ডিব্ৰুগড়ৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰক ব্যৱহাৰেৰে নদী পৰ্যটনৰ বাট কাটিছে দুই অসমীয়াই ।

বগীবিল দলং মুকলিৰ পাছতেই ফেৰী ঘাট বন্ধ হোৱাত একপ্ৰকাৰ অৱহেলিত তথা পৰিত্যক্ত ভূমিত পৰিণত হৈ পৰিছিল এই ঠাই । কিন্তু নদীখনৰ এই অঞ্চলত কোনো কালেই ভাবিব নোৱাৰাকৈ যেন এক নতুন দিগন্তৰ সূচনা হৈছে এতিয়া । যাৰ সৌন্দৰ্য কিম্বা আকৰ্ষণীয় নৌকাই হাত বাউল দি মাতিছে পৰ্যটকক ৷

নদী পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে ঠাই ডোখৰক গঢ় দি শৃংখলাবদ্ধভাৱে শাৰী পাতি বৃক্ষ ৰোপন, বৃহৎ মথাউৰিৰ শিলৰ বুকুত অসমীয়াৰ আবেগ বহুল অৰ্থ পূৰ্ণ ছবি অংকন, নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যক সৃষ্টি শীল আৰু পৰিপাটি ৰূপত সজাই তুলিছে দুই অসমীয়াই ৷ কাষতে লাগি থকা ব্ৰহ্মপুত্ৰত একোখনকৈ ভ্ৰমি ফুৰা নৌকা মেলি দি প্ৰথম বাৰলৈ উজনিত আৰম্ভ কৰিছে নদী পৰ্যটন । ইয়াৰ এখন হৈছে "কাঞ্চনজঙ্ঘা"(floating restaurant) আৰু আনখন "ব্ৰহ্মপুত্ৰৰ মুকুতা"(House Boat) ।

নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা

এই দুই অসমীয়াৰ এগৰাকী হৈছে ক্ৰমে সুদূৰ চীনত থকা অধাতৱ খুদিত খনিজ সম্পদৰ কেঁচা মাল ৰপ্তানিৰ ‘HEYI Resources Ltd.’ নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী তথা প্ৰযুক্তিবিদ ডিব্ৰুগড়ৰ গৌতম বৰদলৈ ৷ আনজন অৰুণাচল, উত্তৰ-পূৰ্বাঞ্চলত কাম কৰি থকা ট্যুৰিজিম(Tourism) কোম্পানীৰ সৈতে বহু বছৰ ধৰি ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি ট্যুৰ অপাৰেট’ৰ(Tour Operator) আৰু পাচলৈ আমেৰিকাৰ ‘KIKI Network’ নামৰ পৰ্যটনৰ কোম্পানীটোৰ সৈতে সংযুক্ত হৈ উত্তৰ পূৰ্বাঞ্চলত প্ৰায় মুঠ 13 বছৰ কাম কৰি আছে ডিব্ৰুগড়ৰ ধিৰাজ বিকাশ গগৈ(বুমনি)য়ে । এই দুই অসমীয়াই ডিব্ৰুগড়ৰ বগীবিলত এনেদৰে সকলোকে চমকিত কৰি গঢ়ি দিছে নদী পৰ্যটনক এক উদ্যোগ হিচাপে এতিয়া ।

গৌতম বৰদলৈৰ উপঙা ৰেষ্টুৰেন্ট নৌকা কাঞ্চনজঙ্ঘাই ইতিমধ্যেই দেশ তথা উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক চৰ্চা লাভ কৰিছে যাৰ বাবে বিপুলভাৱে পৰ্যটকৰ সমাগম দেখা যায় এতিয়া বগীবিল দলঙৰ পাৰত । সমান্তৰালকৈ ধিৰাজ বিকাশ গগৈৰ হাউজ বোট ব্ৰহ্মপুত্ৰৰ মুকুতাও এই অঞ্চলত অন্যতম আকৰ্ষণ পৰ্যটকৰ । তাৰকাযুক্ত বিলাসী হোটেলৰ কক্ষৰ দৰেই কোঠাত ব্ৰহ্মপুত্ৰৰ বুকুত নৈশ যাপন আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অসমৰ বিভিন্ন ঠাই ভ্ৰমণৰ সুবিধা সমৃদ্ধ ব্ৰহ্মপুত্ৰৰ মুকুতা নৌকাখন । এই নৌকা বিহাৰক লৈ বহু আশাবাদি ধিৰাজ বিকাশ গগৈ আৰু গৌতম বৰদলৈ ৷

আপাতকালিন স্থিতিৰ বাবে নিজ প্ৰচেষ্টাত কেইগৰাকীমান সহযোগীৰ সহায়ত এখন ফাইটাৰ বোটো নিৰ্মাণ কৰি আছে ধিৰাজ বিকাশ গগৈয়ে । অৱশ্যে শেহতীয়াকৈ কৰ’ণাৰ ফলত হোৱা লকডাউনে ব্যাপক ভাৱে এই কৰ্মমুখি আন্দোলনত প্ৰভাৱ পেলাইছে । তথাপি হাৰি যাব খোজা নাই দুই অসমীয়াই । আনকি দুগুণ উৎসাহেৰে নদী পৰ্যটনৰ এই সম্ভাৱনাৰ সম্প্ৰসাৰণতহে অধিক গুৰুত্ব দিছে তেওঁলোকে ।

বিশ্বৰ উন্নত দেশসমূহত নদীৰ সদ ব্যৱহাৰৰ যোগেদি অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ বহু উদাহৰণ আছে । বিশেষকৈ বিদেশত নদী পৰ্যটন ইয়াৰ এক উল্লেখযোগ্য দিশ । কেৰালাকে ধৰি ভাৰতৰো কেইবাখনো ৰাজ্যত ইয়াৰ সামান্য উদাহৰণ আছে । এইবাৰ নদী পৰ্যটনৰ দিশত এই নৱ জাগৰণৰ সূচনা কৰিছে অসমৰ দুই যুৱকে । উজনি অসমৰ বৰ চহৰ ডিব্ৰুগড়ৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰক ব্যৱহাৰেৰে নদী পৰ্যটনৰ বাট মোকলাইছে এই দুই অসমীয়াই ।

লগতে পঢ়ক: কংক্ৰিটৰ মহানগৰীত এটি সৌন্দৰ্যৰ নিজৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.