ETV Bharat / state

নদী পৰ্যটনৰ ওপৰত গুৰুত্ব প্ৰদান ঋতুপৰ্ণ বৰুৱাৰ

অসমৰ পৰ্যটন উন্নয়নৰ অধ্যক্ষৰ পদত নিয়োজিত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয়, অসমখন নদী পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে ৷ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত সাংবাদিকক সম্বোধন কৰে ঋতুপৰ্ণ বৰুৱাই ৷

author img

By

Published : Nov 4, 2021, 6:10 PM IST

Updated : Nov 6, 2021, 4:38 PM IST

Rituparna Baruah focuses on river tourism
নদী পৰ্যটনৰ ওপৰত গুৰুত্ব প্ৰদান ঋতুপৰ্ণ বৰুৱাৰ

ডিব্ৰুগড়, 4 নৱেম্বৰ : অসমৰ পৰ্যটন ক্ষেত্ৰখনক অধিক ত্বৰান্বিত কৰি নিবনুৱা সকলৰ স্বনিয়োজনৰ বাট মুকলি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই । অসমৰ পৰ্যটন উন্নয়নৰ অধ্যক্ষৰ পদত নিয়োজিত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই অসমখন নদী পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে ৷

তেওঁ কয়, ব্ৰহ্মপুত্ৰক অসমৰ চকুলো নহয় সম্পদ হিচাপে গ্ৰহণ কৰা উচিত ৷ নদী পৰ্যটনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰত প্ৰচুৰ সম্ভাৱনা আছে ৷ ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ, প্ৰাকৃতিক সম্পদ আদিক লৈ পৰ্যটনক্ষেত্ৰ গঢ়ি উঠিছে যদিও আৰু বহু কৰিব লগা আছে ৷ ডিব্ৰুগড় জিলাটো শেহতীয়াকৈ বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পাছতেই পৰ্যটনৰ ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে ৷

উল্লেখ্য যে, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত সাংবাদিকক সম্বোধন কৰে ঋতুপৰ্ণ বৰুৱাই ৷ বৰুৱাই অসম চাহ বাগিছাক বিশ্বৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ লগতে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি'ব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা

Last Updated : Nov 6, 2021, 4:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.