ETV Bharat / state

ডিব্ৰুগড়ত প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক - DGP Of Assam Police

ডিব্ৰুগড়ত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ এক পৰ্যালোচনা সভা । ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় উক্ত সভাখন ৷ পৰৱৰ্তী সময়ত লক ডাউন বৃদ্ধি হ’লে ল'বলগীয়া স্থিতি সন্দৰ্ভে আৰক্ষীৰ সৈতে সভাত আলোচনা কৰে চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

Review meeting by DGP and Other administrative officer dibrugarh
পৰ্যালোচনা বৈঠক অনুষ্ঠিত
author img

By

Published : Apr 13, 2020, 5:45 PM IST

ডিব্ৰুগড়,13 এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ডিব্ৰুগড় প্ৰশাসনৰ বিষয়ববীয়া সকলৰ মাজত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাখনত ডিব্ৰুগড়,তিনিচুকীয়া,ধেমাজি আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকল উপস্থিত থাকে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া লক ডাউনৰ সময় ইতিমধ্যে সমাপ্তৰ পথত । লক ডাউন সমাপ্তিৰ পিছত যাতে জন সাধাৰণ অনাহকত বাহিৰলৈ ওলাই নাহে আৰু সামাজিক দূৰত্ব ভংগ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বিশেষভাৱে জন সাধাৰণক আহ্বান জনায় । ৰাজ্যৰ আৰক্ষী বাহিনী অনাগত দিনত এইক্ষেত্ৰত যথেষ্ট কঠোৰ হ’ব বুলি জনসাধাৰণক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান মহন্তই ৷

পৰ্যালোচনা বৈঠক অনুষ্ঠিত

লগতে মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে জাৰি কৰা লক ডাউনৰ সময়ত আৰক্ষীৰ মনোবল আৰু স্বাস্থ্য অটুট ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ পৰ্যালোচনা সভাখনত অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ উপস্থিত থাকি এই সময়ছোৱাত সকলোকে সামাজিক দূৰত্ব অটুট ৰাখি নিজৰ নিৰাপত্তাৰ লগতে ঘৰ আৰু সমাজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জনতাক আহ্বান জনায় ।

লক ডাউন বৃদ্ধিৰ সম্ভাৱনা

লগতে চাওকঃ কোভিড-19: ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামুলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.