ETV Bharat / state

ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰকেট লাঞ্চাৰ উদ্ধাৰ - Rescue a rocket launcher in dibrugarh etv bharat news

ডিব্ৰুগড়ৰ বকুল বাইপাছত উদ্ধাৰ হৈছে ৰকেট লাঞ্চাৰ । ইয়াৰ পাছতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ।

Rescue a rocket launcher
ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰকেট লাঞ্চাৰ উদ্ধাৰ
author img

By

Published : Sep 19, 2021, 1:30 PM IST

Updated : Sep 19, 2021, 1:51 PM IST

ডিব্ৰুগড়, 19 ছেপ্তেম্বৰ : পূজাৰ বতৰ আৰম্ভ হোৱাৰ মাজতে ডিব্ৰুগড়ত উদ্ধাৰ হৈছে বিস্ফোৰক । ডিব্ৰুগড়-বকুল সংযোগী বাইপাছৰ কাষৰ জগন্নাথ মন্দিৰৰ পৰা কিছু নিলগত বকপাৰা নামৰ ঠাইত উদ্ধাৰ এটা ৰকেট লাঞ্চাৰ । জানিব পৰা মতে, দেওবাৰে পুৱা স্থানীয় এজন ব্যক্তিয়ে গৰু এৰাল দিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে এই বিস্ফোৰকবিধ ।

যাক লৈ ভীতিগ্ৰস্ত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ । ইয়াৰ পাছতে ৰাইজে আৰক্ষীক খবৰ দিয়ে । ডিব্ৰুগড় গাভৰুপথাৰ আৰক্ষীৰ লগতে ডিব্ৰুগড় সহকাৰী আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ পৰৱৰ্তী সময়ত বোমা বিশেষজ্ঞৰ দলে উদ্ধাৰ হোৱা ৰকেট লাঞ্চাৰটো লৈ যায় ।

ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰকেট লাঞ্চাৰ উদ্ধাৰ

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বোমা বিশেষজ্ঞৰ দলে পৰীক্ষা কৰাৰ পাছতহে গম পোৱা যাব ৰকেট লাঞ্চাৰটো কি অৱস্থাত আছে । কোনো উগ্ৰপন্থী সংগঠনে কূটাঘাত সংঘটিত কৰাৰ বাবে ইয়াক সংস্থাপন কৰিছিল নেকি তাক লৈও বহুতে প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃততে মামৰে ধৰা এই ৰকেট লাঞ্চাৰটো কেনেকৈ, ক'ৰ পৰা, কোনে ডিব্ৰুগড়ৰ বকুল বাইপাছত পেলাই গ’ল ।

লগতে পঢ়ক: বিশিষ্ট অধিবক্তা নিলয় দত্তৰ আকস্মিক বিয়োগ

Last Updated : Sep 19, 2021, 1:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.