ETV Bharat / state

সন্ধানহীন পুত্ৰৰ ঠিকনা বিচাৰি পৰেশ বৰুৱালৈ আহ্বান এগৰাকী মাতৃৰ..

ডিব্ৰুগড়ৰ নতুন বলাইত বিগত ন বছৰে সন্ধানহীন এজন যুৱক ৷ অজিত সোণোৱাল ওৰফে বিমান অসম নামৰ যুৱকজন নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদানৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷ সন্ধানহীন পুত্ৰৰ ঠিকনা বিচাৰি আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কৰযোৰে আহ্বান যুৱকজনৰ মাতৃৰ ৷

author img

By

Published : May 31, 2020, 3:43 PM IST

Request to Ulfa leader Paresh Baruah by a mother Moran dibrugarh assam etv bharat news
সন্ধানহীন পুত্ৰৰ ঠিকনা বিচাৰি পৰেশ বৰুৱালৈ আহ্বান এগৰাকী মাতৃৰ..

মৰাণ, 31 মে’: স্বাধীন অসমৰ সপোন দেখি 2011 চনত আলফা (স্বাধীন)ত যোগ দিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত নতুন বলাইৰ এজন যুৱক বিগত প্ৰায় 9 বছৰে সন্ধানহীন হৈ আছে । পুত্ৰক উভোটাই পাবলৈ সম্প্ৰতি ব্যাকুল হৈ পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ ।

ঘটনাৰ বিৱৰণী অনুসৰি, তিনিচুকীয়াৰ আইটিআই মহাবিদ্যালয়ত অধ্যয়ন শেষ কৰি ভূলেশ্বৰ সোণোৱাল আৰু জিনা সোণোৱালৰ কনিষ্ঠ সন্তান অজিত সোণোৱাল ওৰফে বিমান অসম(33) নামৰ যুৱকজনে 2011 চনত তিনিচুকীয়ালৈ বুলি ওলাই গৈছিল । উক্ত দিনৰ পৰা আজিকোপতি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ নাই যুৱকজনৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ এটা দলে নতুন বলাইস্থিত অজিতৰ গৃহত উপস্থিত হৈ সন্ধান বিচাৰে ৷ কিন্তু পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধান দিব নোৱাৰাত আৰক্ষীৰ দলটোৱে যুৱকজনে ইতিমধ্যে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগ দিয়াৰ কথা অৱগত কৰে ।

উল্লেখ্য যে, পৰৱৰ্তী সময়ত যুৱকজনৰ সন্ধানত পৰিয়ালটোলৈ আৰক্ষী আহিবলৈ ধৰে ৷ কিন্তু বিগত বৰ্ষৰ মাৰ্চ মাহৰ পিছত পৰিয়ালটোলৈ আৰক্ষী অহাটো সেৰেঙা হোৱা বুলি পৰিয়ালটোৱে প্ৰকাশ কৰে ৷ যুৱকজনৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ তৰফৰ পৰা কোনো সঁ‌হাৰি লাভ কৰা নাই যুৱকজনৰ পৰিয়ালে ৷ সেয়ে পুত্ৰৰ সন্ধান বিচাৰি মাতৃ জীনা সোণোৱালে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ আহ্বান জনায় ৷

লগতে চাওকঃ COVID-19 ত আক্ৰান্ত হৈ দিল্লী আৰক্ষীৰ ASI ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.