টিংখাং,3 নৱেম্বৰ: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ দাবীক লৈ তোলপাৰ ৰাজ্য ৷ প্ৰায় প্ৰতিগৰাকী ৰাজনৈতিক নেতা তথা জন প্ৰতিনিধিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ শেহতীয়াকৈ মিঞা সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টিংখাঙৰ বিধায়ক তথা বিজেপি দলৰ নেতা বিমল বৰাই । টিংখাঙত মঙলবাৰে সংবাদ মাধ্যমৰ আগত বিধায়কগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷
এই সন্দৰ্ভত বিমল বৰাই এনেদৰে কয়, অসমত বিজেপি চৰকাৰ শাসনৰ গাদীত থকালৈকে কেতিয়াও মিঞা বিদ্যালয়, মিঞা সংগ্ৰহালয়ে বাস্তৱ ৰূপ লাভ নকৰে ৷ একাংশ ৰাজনেতিক শক্তিয়ে বিৰোধী দল কংগ্ৰেছক কৰা তোষামোদৰ ফলতে এনে দাবী উত্থাপন কৰিবলৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে সাহস পালে বুলি কটাক্ষ কৰে বিজেপিৰ বিধায়কগৰাকীয়ে ৷
লগতে চাওকঃ লিডুত উদ্ধাৰ দুস্প্ৰাপ্য জীৱ