মৰাণ, 16 জুন : চাবুৱাত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধৰ সংখ্যা ৷ ড্ৰাগছ, ভাং, মদ, জুৱাৰ বাবে সামাজিক পৰিৱেশ বিনষ্ট হৈ অহাৰ সময়তে চাবুৱা আৰক্ষী থানা (Chabua Police station)ৰ অন্তৰ্গত খাঁজিখোৱাত মানৱতাক লজ্জানত কৰা আন এক জঘন্য ঘটনা সংঘটিত হয় ৷ মঙলবাৰে নিশা 2 নং খাঁজিখোৱা লাইনত এটি 3 বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ চেষ্টা চলায় গণেশ গড় নামৰ এজন 22 বছৰীয়া যুৱকে ৷
ঘটনা অনুসৰি, নিশা শিশুটিক শুৱাই থৈ পিতৃ-মাতৃয়ে চুবুৰীয়াৰ ঘৰলৈ যোৱাৰ সময়তে যুৱকজনে অসৎ উদ্দেশ্য পুৰণৰ চেষ্টা চলায় ৷ সেই সময়তেই পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে ৷ লগে লগে ঘৰখনত হুৱা-দুৱা লাগে আৰু স্থানীয় ৰাইজে যুৱকজনক উত্তম-মধ্যম দি চাবুৱা আৰক্ষীৰ হাতত গতাই দিয়ে ৷
লগতে পঢ়ক: শিলচৰত ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল কিশোৰী