ETV Bharat / state

Bimal Bora Press Meet: টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী উৎসৱ

৪, ৫, আৰু ৬ মে' তাৰিখে টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী উৎসৱ ৷ লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত "ৰঙালী-TINGKHANG 2023" "Northeast - A Cultural Melting Pot" শীৰ্ষক উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰেৰে আয়োজন কৰিবলৈ লোৱা হৈছে এক বিশেষ অনুষ্ঠান ৷

Rangali Tingkhang 2023 in Tingkhong
লেঙেৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী উৎসৱ
author img

By

Published : Apr 29, 2023, 12:11 PM IST

টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী উৎসৱ

ডিব্ৰুগড়, 29 এপ্ৰিল: ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে ৰঙালী বিহু ৷ টিংখাঙৰ লেঙেৰীত ৰঙালী উৎসৱৰ মহা আয়োজন ৷ ৪, ৫, আৰু ৬ মে' তাৰিখে টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী উৎসৱ ৷ লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত "ৰঙালী-TINGKHANG 2023" "Northeast - A Cultural Melting Pot" শীৰ্ষক উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰেৰে আয়োজন কৰিবলৈ লোৱা হৈছে এক বিশেষ অনুষ্ঠান ৷ এক সংবাদমেলযোগে এই কথা সদৰী কৰিলে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ অনুষ্ঠানক লৈ এতিয়া ব্যাপক প্ৰস্ততি চলিছে টিংখাঙত (Rangali Tingkhong 2023 to be Celebrated at Lengeri) ৷

এই বিশেষ অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ গীত-মাত, লোক-নৃত্য, পৰম্পৰাগত খাদ্য, খেল-ধেমালি, পোছাক-পৰিচ্ছদ আদিক একেখন মঞ্চতে উপস্থাপন কৰি ৰাজ্যসমূহৰ মাজত পৰ্যটনৰ প্ৰসাৰ আৰু সাংস্কৃতিক বিনিময় তথা সমন্বয়ৰ বাতাবৰণ সৃষ্টিৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ৷ প্ৰথম দিনাৰ কাৰ্যসূচীত মুকলি হ’ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান প্ৰতিযোগিতা ৷ য'ত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বহুকেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ একেদিনাই উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য, বস্ত্ৰ আৰু হস্ত শিল্পৰ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত বিভিন্ন খেল-ধেমালিও প্ৰদৰ্শিত হ'ব (Rangali Tingkhong 2023 in Tingkhong) ৷

প্ৰথম দিনাৰ কাৰ্যসূচীত "কথা ক্ৰীড়াঙ্গণ " শীৰ্ষক এক বিশেষ অনুষ্ঠানত হিমা দাস , নয়নমনি শইকীয়া , বিনীত ৰয় , যমুনা বড়োকে ধৰি বহুকেইগৰাকী ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত থাকিব ৷ ৫ মে'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিভা ভৌমিক , অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ অন্তিম দিনা মুখ্য অতিথি হিচাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা , অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চউনা মিন উপস্থিত থাকিব (Mega Cultural Events in Tingkhong) ৷

আনহাতে এই তিনিওটা দিনৰ কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, আচুৰ্য বৰপাত্ৰকে ধৰি বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব ৷ ইয়াৰ লগতে ৰঙালী উৎসৱৰ দিনকেইটাত সাহিত্য, চিত্ৰকলা , উদ্যোগ-বাণিজ্য আদি বিষয়তো কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ য'ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী সাহিত্যিক, অভিনেতা, চিত্ৰশিল্পী, উদ্যোগী উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব ৷ টিংখাঙত এক সংবাদমেল যোগে এই কথা সদৰী কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই (Bimal Bora's Press Meet) ৷

লগতে পঢ়ক: Moran Bihu: তিনিচুকীয়াৰ মামৰণী গাঁৱত মৰাণ জনগোষ্ঠীৰ ধৰ্ম হুঁচৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.