ডিব্ৰুগড়,9 এপ্ৰিলঃ প্ৰকৃতিৰ বুকুৰ পৰা অসমীয়াক ৰিঙিয়াই মাতিছে বহাগে, কিন্তু অসমীয়াৰ মন ৰিঙা ৰিঙা । ৰঙালীৰ ৰঙে চুব পৰা নাই এইবাৰ অসমীয়াৰ মনবোৰ । কুলিজনীয়ে দূৰৰ পৰা মাতিছে ঠিকে, ডালত কপৌ ফুলিছে, বাৰীত আমোলমোলাইছে তগৰে । আমে মলিয়াই, কঠালে মচি পেলাইও উমান দিছে পদূলিত যে এইয়া অসমীয়াৰ প্ৰাণৰ বহাগ পালেহি ।
কৰ’ণাৰ আতংকই ম্লান পেলাইছে অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহু উদয়াপনৰ যো-জা ৷ লক ডাউনত এইবাৰ আৱদ্ধ থাকিব বহাগ বিহু ৷ সুৰক্ষাৰ স্বাৰ্থত অসমবাসীয়ে এইবেলি বিহু উদযাপনৰ পৰা বিৰত থাকিব ৷
![rangali bihu not to be celebrated assam due to Covid 19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6719454_image.jpg)
লগতে চাওকঃ এইবেলি বিৰহৰ ব'হাগ !