ETV Bharat / state

প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সম্ভাৱনীয়তাক নুই নকৰিলে ৰাণা গোস্বামীয়ে

পৱন সিং ঘাটোৱাৰৰ পুত্ৰৰ বিজেপি গমনৰ চৰ্চা যেন অমুলক নহয় (Pranjal Ghatowar to possibly join BJP)৷ ৰাজনৈতিক মহলত আলোচিত বিষয়টোৱে হয়তো খুউব সোনকালেই সাকাৰ ৰূপ পাব ৷ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ মন্তব্যই এই কথা স্পষ্ট কৰিলে ৷

প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সম্ভাৱনীয়তাক নুই নকৰিলে ৰাণা গোস্বামীয়ে
প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সম্ভাৱনীয়তাক নুই নকৰিলে ৰাণা গোস্বামীয়ে
author img

By

Published : Sep 25, 2022, 5:14 PM IST

Updated : Sep 25, 2022, 7:04 PM IST

ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ: বহু কেইজন কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা । বিশেষকৈ ডিব্ৰুগড়ৰ প্ৰাক্তন সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু মৰাণ সমষ্টিৰ তিনিবাৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ যুৱ কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰে পুনৰ বিজেপিত যোগদান কৰিব বুলি ওলোৱা খবৰে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে (Pranjal Ghatowar to possibly join BJP)।

ৰাজ্যৰ কেইবাজনো কংগ্ৰেছ নেতাৰ সৈতে প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি খবৰ ৰাজহুৱা হোৱাৰ পাছতে ধুমুহা আৰম্ভ হৈছে বিজেপিৰ ভিতৰচ’ৰাত । খবৰ ওলাইছে অমিত শ্বাহ আৰু জে পি নাড্ডাৰ উপস্থিতিত বিজেপিত যোগ দিবলৈ সাজু কেইবাগৰাকীও কংগ্ৰেছী নেতাসহ প্ৰাঞ্জল ঘাটোৱাৰ ।

উজনিৰ শক্তিশালী চাহ জনগোষ্ঠীৰ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ (Former minister Paban Singh Ghatowar) পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে বিজেপিত যোগদান কৰা সম্পৰ্কত আজি মৰাণৰ চেপনত সাংবাদিকৰ আগত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC working president Rana Goswami)।

কাৰ্যকৰী সভাপতিগৰাকীয়ে কয়, "পৱন সিং ঘাটোৱাৰ জ্যেষ্ঠ নেতা, তেওঁৰ বিষয়ে কথা নকওঁ । কিন্তু ইতিহাস আছে দললৈ বহু নেতা আহিব আৰু যাব । কংগ্ৰেছ দললৈও বহু নেতা আহিছে আৰু বহু গৈছে, এইটো নতুন কথা নহয়"।

প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি গমনৰ সম্ভাৱনীয়তাক নুই নকৰিলে ৰাণা গোস্বামীয়ে

ঘাটোৱাৰ জ্যেষ্ঠ নেতা হোৱা বাবেই এই বিষয়ত প্ৰতিক্ৰিয়া নিদিওঁ বুলি কয় প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ এই ধৰণৰ মন্তব্যই ঘাটোৱাৰ পৰিয়ালৰ বিজেপি গমনৰ কিছু ইংগিত বহন কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: টেক্স ক'ত লগাব তাৰ চিন্তা কৰিবলৈ চিন্তন বৈঠক অনুষ্ঠিত কৰিছে: ৰাণা গোস্বামী

Last Updated : Sep 25, 2022, 7:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.