ETV Bharat / state

ডিব্ৰুগড়ৰ সকলো সমষ্টিৰ উন্নয়নৰ খতিয়ান ল'লে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Union minister Rameswar Teli)য়ে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই ডিব্ৰুগড়ৰ সকলো সমষ্টিৰ উন্নয়নৰ খতিয়ান লোৱাৰ চেষ্টা চলাইছে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Nov 26, 2021, 6:26 PM IST

Updated : Nov 26, 2021, 8:03 PM IST

rameswar-teli-took-stock-of-development
ডিব্ৰুগড়ৰ সকলো সমষ্টিৰ উন্নয়নৰ খতিয়ান ল'লে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

মৰাণ, 26 নৱেম্বৰ : ডিব্ৰুগড়ৰ পৰাই দুজনকৈ নেতাই গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰাৰ পাছতে ডিব্ৰুগড়ৰ ৰাইজে আশা প্ৰকাশ কৰিছিল যে ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ উন্নয়ন দ্ৰুত গতিত হৈ উঠিব(development in dibrugarh) । ডিব্ৰুগড়ৰ ৰাইজৰ সেই আশা বাস্তৱায়িত কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী (Central minister Rameswar Teli)।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ৰ পৰাই ডিব্ৰুগড়ৰ সকলো সমষ্টিৰ উন্নয়নৰ খতিয়ান লোৱাৰ চেষ্টা চলাইছে । বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত(Deputy Commissioner Dibrugarh)ৰ কাৰ্যালয়ত জিলা উন্নয়ন সমন্বয়ৰক্ষী ও তদাৰকী সমিতিৰ (DISHA) এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনিত অধ্যক্ষতা কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । উক্ত সভাখনিত জিলাৰ উন্নয়নৰ বাবে ইতিপূৰ্বে প্ৰদান কৰা কাৰ্যবিৱৰণীসমূহৰ ওপৰত বিভাগসমূহে ৰূপায়ণ কৰা কাম-কাজৰ খতিয়ান গ্ৰহণ কৰে ৷ লগতে আগন্তুক দিনসমূহত ৰাইজৰ বাবে ৰূপায়ণ কৰিবলগীয়া আঁচনিসমূহ যাতে অধিক ক্ষীপ্ৰতাৰে সমাপন কৰাব পাৰি সেই বিষয়ত আলোচনা কৰি পৰিকল্পনা কৰা হয় ।

ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই সভাত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, নাহৰকটিয়া বিধানসভা সমষ্টিৰ যুৱ বিধায়ক তৰংগ গগৈ, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে সমূহ বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Barpeta MC college: বৰপেটাৰ এম চি কলেজত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

Last Updated : Nov 26, 2021, 8:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.