ETV Bharat / state

যুৱ ব্যৱসায়ী ৰাজু কোঁচক সম্বৰ্ধনা মটক ছাত্ৰ সন্থাৰ

author img

By

Published : Jan 7, 2021, 8:45 PM IST

চাবুৱাৰ ৰহমৰীয়া মৌজাৰ গেণিচুক গাঁৱৰ যুৱ ব্যৱসায়ী তথা সমাজ সেৱক ৰাজু কোঁচক বৃহস্পতিবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাই । ৰাজু কোঁচৰ কৰ্ম-আদৰ্শৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা আৰু সংগঠনটোৰ কৰ্মী সকলে মটক জনগোষ্ঠীয় ফুলাম গামোছা,প্ৰশংসা পত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনায় ।

যুৱ ব্যৱসায়ী ৰাজু কোঁচক সম্বৰ্ধনা মটক ছাত্ৰ সন্থাৰ
যুৱ ব্যৱসায়ী ৰাজু কোঁচক সম্বৰ্ধনা মটক ছাত্ৰ সন্থাৰ

ডিব্ৰুগড়,৭ জানুৱাৰী : চৰকাৰী চাকৰিলৈ আশা কৰি নাথাকি কৃষি কৰ্ম অথবা বাণিজ্য়ৰ মাধ্য়মেৰে সম্পতি ৰাজ্য়ত একাংশ যুৱকে কৰ্মসংস্থাপনৰ অন্য়তম নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে । চাবুৱাৰ ৰহমৰীয়া মৌজাৰ গেণিচুক গাঁৱৰ ৰাজু কোঁচ নামৰ যুৱকজনেও অনুৰূপ নিদৰ্শন দাঙি ধৰাৰ লগতে কৰ্মসংস্থাপন দিছে আন ৩০ জনক । তেওঁৰ এই চেষ্টাক আদৰণি জনাবলৈ এইবাৰ আগবাঢ়ি আহিল সদৌ অসম মটক ছাত্ৰ সন্থা । যুৱ ব্যৱসায়ী তথা সমাজ সেৱক ৰাজু কোঁচক তেওঁৰ কৰ্মৰাজিৰ বাবে বৃহস্পতিবাৰে সদৌ অসম মটক ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাই ।

উল্লেখ যে ১৭-১৮ বছৰ বয়সতে বালিজান বজাৰত প্ৰথমে মাছ বিক্ৰী কৰি পৰৱৰ্তী সময়ত চাইকেলত গাঁৱে-গাঁৱে কাপোৰ বিক্ৰী কৰি আৰু তাৰ পাছত ঘৰতে গেলামালৰ দোকান খুলি এতিয়া ৰাজু কোঁচে প্ৰায় ২৫-৩০ জন নিবনুৱা যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে । বৰ্তমান ৰাজু কোঁচে ৰহমৰীয়া মৌজাৰ ঐতিহ্যমণ্ডিত কুন্দা আতা থানৰ সমীপত প্ৰায় ৩৫-৪০ লাখ টকাৰে কাঠৰ ফানিৰ্চাৰ ফেক্টৰী এটাও আৰম্ভ কৰিছে । গেণিচুক গাঁৱৰ ৰাজু কোঁচৰ কৰ্ম-আদৰ্শৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা আৰু সংগঠনটোৰ কৰ্মী সকলে মটক জনগোষ্ঠীয় ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আৰু জাপিৰে সম্বৰ্ধনা জনায় ।

লগতে পঢ়ক : কোকৰাঝাৰত বিজেপিৰ এছ.চি মৰ্চাৰ বিশেষ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.