ETV Bharat / state

ৰাজধানী এক্সপ্ৰেছঃ ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান - HIMANTA BISWA SARMA

ট্ৰেইনৰ উঠাৰ সময়ত যাত্ৰী সকলৰ থাৰ্মেল স্কেনিং আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে যদিও কৰা হোৱা নাই COVID-19 ৰ পৰীক্ষা ৷ গতিকে ট্ৰেইনখনৰ জৰিয়তে অহা এইসকল যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখিন হ'ব ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷

rajdhani express brings challenge to assam government
ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান
author img

By

Published : May 13, 2020, 2:44 PM IST

বুধবাৰে ৰাজ্যত প্ৰৱেশ কৰিব দিল্লীৰ পৰা প্ৰায় 1200 যাত্ৰী কঢ়িয়াই অনা ৰাজধানী এক্সপ্ৰেছে। যোৱা 22 মাৰ্চৰ পৰা লক ডাউনৰ বাবে বন্ধ হৈ আছিল ৰে'ল সেৱা। কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫টা নিৰ্ধাৰণ স্থানত চলোৱা হৈছে ৰে'ল। ৰে'ল মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি অসমলৈও আৰম্ভ হৈছে ৰে'ল । মংগলবাৰে সন্ধিয়াৰ ভাগত নতুন দিল্লীৰ পৰা ৰাওনা হোৱা এই বিশেষ যাত্ৰীবাহী ৰে'লখন বুধবাৰে বিয়লি প্ৰৱেশ কৰিব ৰাজ্যত । ইতিমধ্যেই যাত্ৰীসকলৰ বাবেও বহুতো নীতি নিয়ম বান্ধি দিছে ৰে'ল বিভাগে ।

ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ডাঙৰ প্ৰত্যাহ্বান

কিন্তু ৰাজধানী এক্সপ্ৰেছে কঢ়িয়াই অনা যাত্ৰী সকলে ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ কঢ়িয়াই আনিছে বৃহৎ প্ৰত্যাহ্বান ৷ কাৰন ট্ৰেইনৰ উঠাৰ সময়ত যাত্ৰী সকলৰ থাৰ্মেল স্কেনিং আৰু প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে যদিও কৰা হোৱা নাই COVID-19 ৰ পৰীক্ষা ৷ গতিকে ট্ৰেইনখনৰ জৰিয়তে অহা এইসকল যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখিন হ'ব ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.