ETV Bharat / state

মৰাণত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন - অভিৱৰ্তন

মৰাণত 7,8,9 জানুৱাৰীত তিনিদিনীয়াকৈ ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ আয়োজন কৰা হৈছে ৷ অভিৱৰ্তনৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে পূৰ্ণ গতিত চলিছে প্ৰস্তুতি ৷

raijor dol first state abhibartan
ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন
author img

By

Published : Jan 6, 2021, 10:22 AM IST

মৰাণ,6 জানুৱাৰী : মৰাণত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই অভিৱৰ্তন ৷ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই অভিৱৰ্তনৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে পূৰ্ণ গতিত চলাইছে যাৱতীয় প্ৰস্তুতি ।

raijor dol first state abhibartan
ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন

মৰাণৰ নতুন নগৰৰ আহোম পথাৰস্থিত মহাবীৰ লাচিত বৰফুকন ক্ষেত্ৰত 73 লাখ টকা ব্যয়ৰে আয়োজন কৰা এই অনুষ্ঠানটোত একেলগে দহ হাজাৰ লোকে ভোজন কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে । অভিৱৰ্তনৰ চৌহদত চাউলুং চ্যুকাফা, ৰাঘৱ মৰাণ, কনকলতা, লাচিত বৰফুকন, মুলাগাভৰু, বাঘ হাজৰিকাকে আদি কৰি কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপনৰ কৰা হৈছে ।

raijor dol first state abhibartan
ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন

অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াই জনোৱা মতে, লক্ষাধিক লোকৰ সমাগম হোৱাৰ আশাৰে নিৰ্মাণ কৰা মূল মণ্ডপৰ চৌহদত জনগোষ্ঠীয় বিশাল বাণিজ্য মেলাও অনুষ্ঠিত হ’ব । 7 জানুৱাৰীৰ পুৱাৰ ভাগত পদ্মভূষণ জাহ্নু বৰুৱাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভণি কৰা হ’ব ।

raijor dol first state abhibartan
ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন

ইয়াৰ পাচতে শ্বহীদ তৰ্পণ, প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধিৰ শিবিৰ মুকলি, সতীৰ্থ সন্মিলন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব । 4 জানুৱাৰীত সামূহিক চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ কৰা হ’ব । পৰৱৰ্তী সময়ত বৃক্ষৰোপণ, প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভা অনুষ্ঠিত হ’ব । উক্ত দিনাই দুপৰীয়া অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যৎ কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰা হ’ব ।

raijor dol first state abhibartan
ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন

অন্তিম দিনা সামূহিক চাফাই অভিযানৰ পাচতে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব । এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে থাকিব জ্যেষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়া । বিয়লিৰ ভাগত মুকলি সভা আৰু সন্ধিয়া কৃষ্টি সন্মিলন অনুষ্ঠিত হ’ব । আনহাতে মুকলি সভাত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । আটাইকেইদিনৰ কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে ।

লগতে পঢ়ক : দুলীয়াজান সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ খতিয়ান ল'লে উপায়ুক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.