মৰাণ, 2 মাৰ্চ : চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কিৰণ নগৰত ঘটিছে এক অঘটন ৷ এগৰাকী লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য (Man commit suicide at Moran) । মৃত ব্যক্তিজনৰ নাম হৈছে অজয় চুতীয়া ৷
জানিব পৰা মতে, মৰাণৰ কিৰণ নগৰৰ নিবাসী তথা লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ অজয় চুতীয়াই নিজ বাসগৃহতে মঙলবাৰে দিনৰ প্ৰায় ১১ মান বজাত কৰে আত্মহত্যা । এই ঘটনাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় মৰাণহাট আৰক্ষী দলৰ এটা দল ৷
আৰক্ষীৰ দলটোৱে অজয় চুতীয়াৰ মৃতদেহৰ কাষত এটা .২২ পিষ্টল আৰু স্ক্ৰুডাইভাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (PWD contractor commit suicide with point 22 pistol at Maran) । প্ৰাপ্ত তথ্য অনুসৰি, চুতীয়াই আত্মহত্যা কৰাৰ সময়ত ঘৰত নাছিল পত্নী ৷
আনহাতে, অজয়ৰ সৈতে একেলগে ঠিকা কৰা একাংশ লগৰীয়াৰ অভিযোগ, মিণ্টু চুতীয়া নামৰ এজন ব্যক্তিয়ে দীৰ্ঘদিনৰ পৰা অজয় চুতীয়াক কৰি আহিছিল ব্লেকমেইলিং । ফলত দীৰ্ঘদিন ধৰি মানসিক অশান্তিত ভূগিছিল অজয়ে ৷ মানসিক অশান্তিৰ ফলতে অজয়ে এনে পথ বাচি লোৱাৰ সন্দেহ লগৰীয়াৰ ।
ঘটনা সন্দৰ্ভত মৰাণহাট আৰক্ষীৰ লগতে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে আৰম্ভ কৰিছে তদন্ত ৷ প্ৰকৃততে কি কাৰণে পি ডব্লিউ ডিৰ ঠিকাদাৰ অজয় চুতীয়াই আত্মহত্যা কৰিলে, সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো তথ্য ।
লগতে পঢ়ক : Man commit suicide in Karbi Anglong: খটখটীত উদ্ধাৰ পত্নীহন্তা স্বামীৰ মৃতদেহ