ETV Bharat / state

অইল ইণ্ডিয়াৰ বিৰুদ্ধে টিংখাঙৰ বৰবিলত প্ৰতিবাদ - oil india

টিংখাঙৰ বৰবিলত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিল স্থানীয় লোকে । তেওঁলোকৰ অভিযোগ, প্ৰায় আশী দশকৰ পৰাই অঞ্চলটোৰ পৰা কোটি কোটি টকাৰ খাৰুৱা তেল সংগ্ৰহ কৰি অহা অইল কৰ্তৃপক্ষই আজি পৰ্যন্ত গাঁওখনত নকৰিলে কোনো ধৰণৰ উন্নয়নমূলক কাম ।

protest in tingkhong against oil india
protest in tingkhong against oil india
author img

By

Published : Jul 6, 2020, 5:16 PM IST

টিংখাং, 6 জুলাইঃ প্ৰায় আশী দশকতে টিংখাঙৰ 1 নং বৰবিলত অইল ইণ্ডিয়াই নিৰ্মাণ কৰিছিল এটা তৈলখাদ । সেই সময়ৰ পৰাই অঞ্চলটোৰ পৰা কোটি কোটি টকাৰ খাৰুৱা তেল সংগ্ৰহ কৰি আহিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই । কিন্তু আজি পৰ্যন্ত সেই অঞ্চলটোত হোৱা নাই কোনো ধৰণৰ উন্নয়নমূলক কাম । বৰ্তমানেও সম্পূৰ্ণ জাৰাজীৰ্ণ অৱস্থাত আছে অঞ্চলটোৰ বাট-পথ । তেনেস্থলতে পুনৰ সেই অঞ্চলত পুৰণি খাদটো বন্ধ কৰি উক্ত স্থানতে বিগত প্ৰায় এমাহৰ পৰা অইল কৰ্তৃপক্ষই আৰম্ভ কৰিছে আন এটা তৈলখাদ নিৰ্মাণৰ কাম । যাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক ।

অইল ইণ্ডিয়াৰ বিৰুদ্ধে টিংখাঙৰ বৰবিলত ৰাইজৰ প্ৰতিবাদ

আশী দশকৰ পৰাই সেই অঞ্চলৰ পৰা খাৰুৱা তেল নি থকা সত্বেও অঞ্চলটোৰ উন্নয়নৰ লগতে, নৱ-প্ৰজন্মৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে । ভিন্ন অভিযোগ উত্থাপন কৰি সোমবাৰে স্থানীয় লোকসকলে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী । তেওঁলোকৰ প্ৰথম দাবী অঞ্চলটোৰ উন্নয়ন সাধন কৰা, দ্বিতীয় দাবী অঞ্চলটোৰ একাংশ নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়া, তৃতীয়তে স্থানীয় সামাজিক অনুষ্ঠানসমূহত আৰ্থিক সাহায্য প্ৰদান কৰা, তেওঁলোকৰ চতুৰ্থ দাবী অনুসৰি, স্থানীয় ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত মানদণ্ড উন্নতিৰ হকে পুথিভঁৰাল, শাৰীৰিক ব্যায়াম চৰ্চা কেন্দ্ৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ আদি নিৰ্মাণ কৰিব লাগে সেই অঞ্চলত । ইয়াৰোপৰি তেওঁলোকে স্থানীয় নাৰী সকলৰ সবলীকৰণৰ বাবে আত্মসহায়ক গোটসমূহত আৰ্থিক সাহায্য প্ৰদান কৰাকে ধৰি কেবাটাও দাবী উত্থাপন কৰে । এনেবোৰ দাবী অইল কৰ্তৃপক্ষই পূৰণ নকৰিলে অনিৰ্দিষ্ট কাললৈ অইলৰ কাম-কাজ বন্ধ ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে স্থানীয় লোকসকলে । আনহাতে বৰবিল গাঁওখনক দ্বিতীয় বাঘজান হ'বলৈ নিদিও বুলিও হুংকাৰ প্ৰদান কৰে বৰবিল অঞ্চলৰ স্থানীয় মহিলা সকলে ।

লগতে পঢ়কঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল ধুবুৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.