ETV Bharat / state

বন্ধ হোৱাৰ দিশে আকাশবাণী ডিব্ৰুগড় : প্ৰতিবাদত নামিল কৰ্মচাৰী - কেন্দ্ৰীয় চৰকাৰ

"এইয়া আকাশ বাণী ডিব্ৰুগড়", ঘৰে ঘৰে প্রতিধ্বনি হােৱা বাক্যশাৰী এতিয়া সোঁৱৰণী হােৱাৰ পথত । কিয়নো কেন্দ্ৰীয় চৰকাৰে প্ৰচাৰ বন্ধ কৰিব খুজিছে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা ৷ কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ডিব্ৰুগড়ত ওলাই আহিল শিল্পী, কলাকুশলী, সাহিত্যিক, সংগঠন । শুকুৰবাৰে আকাশ বাণীৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷

protest
protest
author img

By

Published : Dec 4, 2020, 7:44 PM IST

ডিব্ৰুগড়, 4 ডিচেম্বৰ : অতীত হ'ব নেকি আকাশ বাণী ডিব্ৰুগড় ? ঘৰে ঘৰে প্রতিধ্বনি হােৱা "এইয়া আকাশ বাণী ডিব্ৰুগড়" বাক্যশাৰী এতিয়া সোঁৱৰণী হােৱাৰ পথত । কেন্দ্ৰীয় চৰকাৰে ইটোৰ পাছত সিটো ৰাজহুৱা খণ্ডৰ উদ্যোগ বন্ধ তথা ব্যক্তিগত খণ্ডক গটাই দিয়া পাছত এইবাৰ চকু অসমবাসীৰ আবেগ বিজড়িত "আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰৰ" ওপৰত । কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ডিব্ৰুগড়ত ওলাই আহিল শিল্পী, কলাকুশলী, সাহিত্যিক, সংগঠন । শুকুৰবাৰে আকাশ বাণীৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷

protest
অতীত হ'ব নেকি আকাশ বাণী ডিব্ৰুগড়

আকাশ বাণী ডিব্ৰুগড় কেন্দ্ৰক জীয়াই ৰাখক, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ সম্প্ৰচাৰ বন্ধ কৰা নচলিব, অসমীয়া সংস্কৃতিৰ ওপৰত অত্যাচাৰ নচলিব আদি বিভিন্ন শ্ল’গানেৰে ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে । উল্লেখযোগ্য যে, আকাশবাণী ডিব্রুগড় কেন্দ্রৰ পৰা প্ৰচাৰিত ডাক-পখিলী, গীতাঞ্জলি, গীতৰ শৰাই, মন্দাকিনী, কাৰপুংপুলি আদি সকলোৱে আবেগ বিজড়িত অনুষ্ঠান ৷ কিন্তু বৰ্তমান অনুষ্ঠানবােৰ সোঁৱৰণী হোৱাৰ পথত । এফালে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে জাতি-মাটি, ভেটি, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ আস্ফালন কৰি থাকিলেও বিজেপি নেতত্বাধীন কেন্দ্রীয় চৰকাৰখনে দেশৰ ক্ষুদ্র ক্ষুদ্র ৰাজ্যাসমূহৰ বাবেৰহণীয়া কৃষ্টি- সংস্কৃতিৰ প্রসাৰণৰ ক্ষেত্রত যে মুঠেই দায়বদ্ধ নহয় তাক পুনৰ উদঙাই দিছে ।

বন্ধ হোৱাৰ দিশে আকাশবাণী ডিব্ৰুগড়

আকাশবাণী ডিব্রুগড় কেন্দ্রৰ স্বতন্ত্বৰীয়া অনুষ্ঠান প্রচাৰ বন্ধ কৰাৰ এক পৰিকল্পনা কৰি ইতিমধ্যে প্রসাৰ ভাৰতীয়ে দিল্লীৰ নির্দেশ মর্মে, যােৱা ২৪ নৱেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্রত এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেলৰ (এ ডি জি) কার্যালয়ৰ সভাকক্ষত এই সম্পর্কত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ গৈছে । সভাত আকাশবাণী ডিব্ৰুগড় আৰু তেজপুৰ কেন্দ্ৰৰ পৰা ট্রেন্সমিশ্যন বন্ধ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ডিব্রগড় কেন্দ্রৰ ষ্টুডিঅ’ৰ গীত-মাত, নাটক, কথিকা আদি,উজনি অসমৰ বিভিন্ন জনগােষ্ঠীসমূহৰ ভাষা-কৃষ্টি সংস্কৃতিৰ সন্দৰ্ভত প্রচাৰ হোৱা অনুষ্ঠান, কৃষি, বিজ্ঞান, খেলা-ধূলা আৰু আন আন অনুষ্ঠান বন্ধ হোৱাৰ লগতে বছৰ বছৰ ধৰি জড়িত হৈ থকা শিল্পী-কলাকুশলী সকলো কৰ্মহীন হৈ পৰিব । যাৰ ফলত এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বিৰুদ্ধে ডিব্ৰুগড়ত পথলৈ ওলাই আহিল শিল্পী, কলাকুশলী,সাহিত্যিক,সাংবাদিক সংগঠন সহ অন্যান্য সংগঠন । আকাশ বাণীৰ সন্মুখত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰি এনে সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : চন্দন ব্ৰহ্মৰ মতে বিটিচিত হিমন্ত বিশ্বই আৰম্ভ কৰিছে হিন্দু-মুছলিমৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.