ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰু গাড়ী লৈ আছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰু গাড়ী লৈ আছুৰ প্ৰতিবাদ ৷ কংগ্ৰেছৰ শাসন কালত বিধায়ক প্ৰশান্ত ফুকনে মূল্য বৃদ্ধিক লৈ গৰু গাড়ীৰে প্ৰতিবাদ কৰিছিল; কিন্তু নিজৰ চৰকাৰৰ দিনত বিধায়ক গৰাকী কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৷ বিজেপি গ’ বেক, প্ৰশান্ত ফুকনৰ লাজ নাই আদি শ্লো’গানেৰে ডিব্ৰুগড় চহৰ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী ছাত্ৰসকলে ৷

protest by assu regarding price hike
ৰাজপথত গৰু গাড়ী লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
author img

By

Published : Apr 3, 2021, 6:13 PM IST

ডিব্ৰুগড়, 3 এপ্ৰিল : মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ গৰু গাড়ী লৈ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । কংগ্ৰেছৰ শাসন কালত প্ৰশান্ত ফুকনে মূল্য বৃদ্ধিক লৈ গৰু গাড়ীৰে যি ব্যতিক্ৰমী প্ৰতিবাদ কৰিছিল, তাৰ প্ৰত্যুত্তৰ দি এইবাৰ ডিব্ৰুগড়ৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্থাই গৰু গাড়ীত গেছ-চিলিণ্ডাৰ তথা আন জৰুৰী সমগ্ৰী লৈ বৰ্তমান বিজেপিৰ দিনত হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰু গাড়ী লৈ আছুৰ প্ৰতিবাদ

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কংগ্ৰেছৰ শাসন কালত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল; কিন্তু বিজেপি চৰকাৰৰ দিনৰ অত্যন্ত হাৰত মূল্যবৃদ্ধি হোৱাৰ পাছতো প্ৰশান্ত ফুকন নিমাত কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে ৷ বিজেপি গ’ বেক, প্ৰশান্ত ফুকনৰ লাজ নাই আদি শ্লো’গানেৰে ডিব্ৰুগড় চহৰ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সাব্যস্ত হোৱা এই প্ৰতিবাদ ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টীৰ পৰা এইছ এছ ৰোড হৈ থানা চাৰিআলিলৈকে বাহিৰ কৰা হয় ।

লগতে পঢ়ক :মন্ত্ৰী পীযুষ হাজৰিকাক গ্ৰেপ্তাৰ কৰক: আপকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.