ETV Bharat / state

মৰাণ বামুণবাৰী চাহ বাগিচাত ধৰ্ণা শ্ৰমিকৰ

author img

By

Published : Mar 7, 2020, 12:00 AM IST

বাজেটত চৰকাৰে চাহ শ্ৰমিকসকললৈ বিভিন্ন আঁচনি উপহাৰ দিয়াৰ সময়তে ৰাজ্যৰ অন্য এক প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে ওলাই আহে চাহ শ্ৰমিকসকল ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি অসম চাহ জনজাতি ছাত্র সন্থা(আটছা)ৰ মৰাণ শাখাৰ অন্তৰ্গত বামুণবাৰী উপ-শাখাই বামুণবাৰী চাহ বাগিচাত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অৱহেলিত চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে চৰকাৰক ৷

Protest at moran bamunbari tea estate dibrugarh assam etv bharat news
প্ৰতিবাদ

মৰাণ,৬ মাৰ্চঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে চাৰিটা কাৰ্যকাল পাৰ হোৱাৰ পাছতো চাহ বাগিচাৰ কৰ্মচাৰীসকলক প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে শ্ৰমিকে আন্দোলন কৰিব লগা পৰিৱেশ সৃষ্টি হৈছে । চাহ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহত বাস্তৱত ৰূপায়িত নহ’ল ৷ অসমৰ বিভিন্ন চাহ বাগিচা সমূহৰ সমান্তৰালভাৱে শ্ৰমিকৰ দৈনিক মজুৰি ৪০০ টকালৈ বৃদ্ধি, শ্ৰমিকৰ অনাদায় পি এফৰ ধন, জমা কৰা শ্ৰমিকৰ বকেয়া গ্ৰেচুইটি ধন আৰু অন্যান্য সা-সুবিধাসমূহ আদায় দিয়াৰ দাবীত শুকুৰবাৰে অসম চাহ জনজাতি ছাত্র সন্থা(আটছা)ৰ মৰাণ শাখাৰ অন্তৰ্গত বামুণবাৰী উপ-শাখাই বামুণবাৰী চাহ বাগিচাত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

চৰকাৰৰ বিৰুদ্ধে মৰাণৰ চাহ শ্ৰমিক

বাগিচাখনৰ শতাধিক শ্ৰমিকে হাতে হাতে প্লে-কাৰ্ড লৈ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । সকলো ক্ষেত্ৰতে অৱহেলিত চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ অধিক জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে ৷ কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে দাবী সম্বলিত এক স্মাৰক পত্ৰ দাখিল কৰে বাগিচাখনৰ কৰ্তৃপক্ষক ।

লগতে চাওকঃKN ইণ্ডাষ্ট্ৰী" ৰ আঁৰৰ মহিলাগৰাকী..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.